বেছিমাৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু

Byke accident , Besimari

দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীৰ সমীপত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা উক্ত দুৰ্ঘটনাটোত দুজন বাইক আৰোহী থিতাতে নিহত হয়।

জানিব পৰা মতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বাইক আৰোহী দুজনক বেছিমাৰীৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন এছ০১ডিডি-৫৬৫৭ নম্বৰৰ ট্ৰাকে খুন্দিয়াই। ফলত বাইক আৰোহী দুজন ঘটনাস্থলীতে নিহত হয়।

উল্লেখ্য যে দুৰ্ঘটনাত পতিত হোৱা এছ০১এজে-৮৬৬০ নম্বৰৰ বাইকখনৰ এজন আৰোহী গুৱাহাটীৰ কামাখ্যা অঞ্চলৰ দুৰ্গাসৰোবৰৰ নিবাসী মিথুন পাছোৱান(২৭) বুলি চিনাক্ত কৰা হৈছে। কিন্তু আমালৈ খবৰ অহা পৰ্যন্ত আন এজন বাইক আৰোহীক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে মৃত যুৱক দুজনক ওচৰৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

প্ৰণিধানযোগ্য যে পথৰ দুৰৱস্থাৰ বাবেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি স্থানীয় একাংশ ৰাইজে মত প্ৰকাশ কৰে। ইয়াৰ উপৰি নিশা ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবেই এতিয়া ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ মৃত্যুৰ ঘাইপথলৈ পৰিণত হৈছে।