NORTHEAST NOW (Assamese)

বেডমিণ্টন এছিয়াৰ উপ সভাপতিৰূপে নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা

May 17, 2018 5:46 pm · এন ই নাও নিউজ

বেদমিণ্টন এছিয়া ( Badminton Asia )ৰ উপ সভাপতিৰূপে নিৰ্বাচিত হৈছে অসমৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এছিয়াৰ বেদমিণ্টন নিয়ন্ত্ৰক সংস্থাটোৰ বেংককত আজি ১৭ মে’ত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত শৰ্মাক সৰ্বসন্মতিক্ৰমে এই পদৰ বাবে নিৰ্বাচিত কৰা হয়।

বেদমিণ্টন এছছিয়েশ্বন অৱ ইন্দিয়াৰ সভাপতিৰ দায়িত্বত থকা মন্ত্ৰী শৰ্মা বেদমিণ্টন এছিয়া ফেদাৰে’শ্বনৰ প্ৰতিবন্ধী সমিতিৰো সভাপতি।

বিশ্ব বেদমিণ্টন ফেডাৰে’শ্বনৰ অন্তৰ্ভুক্ত বেদমিণ্টন এছিয়া এছিয়াত বেদমিণ্টন খেলৰ পৰিচালনা সংস্থা।

সংস্থাটোৰ উপ সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়াত মন্ত্ৰীজনে কয় যে ‘অঞ্চলটোত বেদমিণ্টনক শক্তিশালী কৰাৰ বাবে আৰু এছিয়াৰ দেশসমূহৰ মাজত অধিক সমন্বয় সাধনৰ বাবে মই মোৰ সৰ্বশ্ৰেষ্ঠ অৰিহণা আগবঢ়াম।’

নতুন দায়িত্বৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে শৰ্মাক ভাৰতৰ আগশাৰীৰ বেদমিণ্টন তাৰকা ছাইনা নেহৱালে টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এচচিয়েচন অৱ ইণ্ডিয়াৰ দায়িত্বৰ পৰা আঁতৰাবৰ বাবে যোৱা ৩০ জানুৱাৰিত কমলেশ বাৰ্মা নামৰ এজন লোকে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন যোৱা ৫ মাৰ্চত আদালতে গ্ৰহণ কৰিছিল

ভাৰতৰ ক্ৰিকে’ট নিয়ন্ত্ৰণ ব’ৰ্ড সন্দৰ্ভত ন্যায়াধীশ আৰ এম লোধাই পূৰ্বে দিয়া এটা ৰায়ে এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে বুলি কোৱাৰ ভিত্তিত শৰ্মা এই দায়িত্বত থকাটো ‘বে-আইনী’ বুলি আবেদনখন কৰা হৈছিল।

কিন্তু যোৱা ৪ এপ্ৰিলত শৰ্মা বেডমিণ্টন এচচিয়েচন অৱ ইণ্ডিয়াৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হৈছিল।

Related News