• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

বানপীড়িতক ১৫ হাজাৰ টকাৰ সাহায্য প্ৰদানক 'ভিক্ষা' আখ্যা বিধায়কগৰাকীৰ; প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবীৰে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাওৰ সকিয়নী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2026 1:09 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত সৃষ্টি হোৱা প্ৰলয়ংকৰী বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ ভূমিকা আৰু সাহায্য প্ৰদান প্ৰক্ৰিয়াক লৈ তীব্ৰ ক্ষোভ উজাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বানত সৰ্বস্বান্ত হৈ পৰা পৰিয়ালসমূহক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১৫ হাজাৰ টকাৰ এককালীন সাহায্যক বানপীড়িতৰ প্ৰতি ‘চৰম অপমান’ আৰু ‘ভিক্ষা’ বুলি আখ্যা দিছে বিধায়কগৰাকীয়ে। তেওঁৰ স্পষ্ট দাবী, চৰকাৰে মাত্ৰ ১৫ হাজাৰ টকাৰে মানুহৰ জীৱন আৰু সপোনৰ মূল্য জুখিব নোৱাৰে; সেয়েহে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতি কমেও ১০ লাখ টকাকৈ এককালীন ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। দাবী মানি নোলোৱালৈকে মুখ্যমন্ত্ৰীক শান্তিত থাকিবলৈ নিদিয়ে বুলি সকিয়নী দি গগৈয়ে হুংকাৰ দিয়ে যে প্ৰয়োজনত তেওঁ নিজৰ জীৱনকো তুচ্ছ কৰি বিধানসভাৰ দৰেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠি ‘শিৱৰ তাণ্ডৱ’ কৰিব আৰু শিৱসাগৰৰ ৰাইজক লগত লৈ মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিব।

 

Apply Now

কেৱল প্ৰাকৃতিক কাৰণেই নহয়, বৰঞ্চ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ লুণ্ঠন আৰু চিণ্ডিকেট ৰাজেই এই মহাপ্ৰলয়ৰ মূল কাৰণ বুলি এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে গগৈয়ে। তেওঁ পোনপটীয়াভাৱে প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিধায়ক সুশান্ত বৰগোহাঁই, বলীন চেতিয়া আৰু স্বয়ং মুখ্যমন্ত্ৰীলৈ আঙুলি টোঁৱাই অভিযোগ কৰে যে এওঁলোকৰ ছত্ৰছায়াতেই নাগালেণ্ডৰ পাহাৰত কয়লা আৰু শিলৰ অবাধ চিণ্ডিকেট চলিছে। শিল-কয়লা খানি খানি পাহাৰত বিশাল কৃত্ৰিম হ্ৰদ সৃষ্টি কৰা আৰু ফ’ৰলেন পথ নিৰ্মাণৰ নামত এন.এইচ.আই.ডি.চি.এল (NHIDCL) তথা ঠিকাদাৰ সংস্থাই অবৈজ্ঞানিকভাৱে পাহাৰ কটাৰ ফলতেই পানী ওলাই যোৱাৰ পথ বন্ধ হৈ শিৱসাগৰ-চৰাইদেউত এই জলপ্ৰলয়ৰ সৃষ্টি হ’ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

 

ৰাজ্যৰ এনে চৰম দুৰ্যোগৰ সময়তো কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনা আৰু মুখ্যমন্ত্ৰীৰ স্থিতিক তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ শেহতীয়া দিল্লী ভ্ৰমণক কটাক্ষ কৰি তেওঁ কয় যে বানপীড়িতৰ কাষত থকাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ আশ্ৰয় লৈছিল যদিও প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ পৰ্যন্ত দিয়াৰ প্ৰয়োজনবোধ নকৰিলে। ভাৰতৰ আন ৰাজ্যত দুৰ্যোগ হ’লে তৎকালীনভাৱে কেন্দ্ৰই কোটি কোটি টকা মুকলি কৰি দিয়ে, কিন্তু অসমৰ সম্পদ প্ৰতিদিনে লুটি নিয়া দিল্লীয়ে অসমৰ এই ভয়ংকৰ বানক আজিলৈকে ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ হিচাপে ঘোষণা নকৰিলে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। আনকি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে এবাৰলৈ আকাশমাৰ্গেৰেও বান পৰিস্থিতি পৰ্যবেক্ষণ নকৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পিছতো মুখ্যমন্ত্ৰী বা বিজেপিৰ সাংসদসকলে দিল্লীৰ পৰা একো এটা আদায় কৰিব নোৱাৰি কেৱল গামোচা পিন্ধাই ভাওনাহে কৰিছে।

 

চৰকাৰী সাহায্যৰ ফোপোলা স্বৰূপ উদঙাই দি গগৈয়ে কয় যে চৰকাৰে বানপীড়িতক বচোৱা নাই, বৰঞ্চ অসমৰ ৰাইজেহে নিজৰ গাঁঠিৰ ধন ভাঙি কুইণ্টলে কুইণ্টলে সাহায্য দি মানুহক বচাইছে। চৰকাৰে বানপীড়িত জীৱ-জন্তুৰ বাবে সামান্য গো-গ্ৰাস পৰ্যন্ত যোগান ধৰিব পৰা নাই বুলি তেওঁ অভিযোগ কৰে। লগতে, অৰুণোদয় আঁচনিৰ ধন আগষ্ট মাহৰ বাবে চাৰিখন জিলাত ২৫০০ টকালৈ বৃদ্ধি কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে এই ধন সকলো মহিলাই পাব লাগিব। মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহৰ দুৰ্দশাৰ সময়ত দিল্লীৰ পৰা প্ৰাপ্য আদায় কৰিব নোৱাৰে, তেন্তে তেওঁৰ পদত্যাগ কৰা উচিত বুলিও অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd