NORTHEAST NOW (Assamese)

বেতন বঞ্চিত শিক্ষকৰ আত্মজাহৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান আহোম জাতীয় গণমঞ্চৰ; চাকৰি নিয়মীয়াকৰণৰ দাবী

July 23, 2018 10:28 pm · ৰাজীৱ দত্ত

২০ বছৰতকৈও অধিক কাল মানৱসম্পদ গঢ়া কাৰ্যত নিয়োজিত হৈ থকাৰ পাছতো প্ৰাপ্য বেতনৰ পৰা বঞ্চিত শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী শিক্ষকে শেহতীয়াকৈ গ্ৰহণ কৰা সমূহীয়া আত্মজাহৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে আহোম জাতীয় গণমঞ্চ অসমৰ শিৱসাগৰ জিলা সমিতিয়ে।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলকেশ গগৈয়ে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে বেতন বঞ্চিত শিক্ষক সকলৰ আত্মজাহৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আহ্বান জনায়।

আনহাতে বিগত ছবছৰতকৈও অধিক কাল প্ৰাপ্য বেতনৰ পৰা বঞ্চিত কৰি ৰখা এইসকল শিক্ষকক চৰকাৰে বৰ্খাস্ত কৰিবলৈ লোৱা কাৰ্য্যক সংগঠনটোৱে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰক বিবৃতিৰ জৰিয়তে দাবী জনায়‌।

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনপ্ৰতিনিধি সকলে বেতন বঞ্চিত শিক্ষক সকলৰ আন্দোলনৰ ক্ষেত্ৰত গ্ৰহণ কৰা মৌন ভূমিকাৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে শিক্ষক সকলে গ্ৰহণ কৰা উক্ত চূড়ান্ত সিদ্ধান্তৰ ফলত যদি এগৰাকী শিক্ষকৰো কিবা হানি-বিঘিনি হয় তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰেই দায়ী হ’ব।

লগতে আহোম জাতীয় গণ মঞ্চ, অসমে সোণোৱাল চৰকাৰক শিৱসাগৰ জিলাৰ এই ১৫৩০ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনায় আৰু অন্যাথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।

Related News