বেবেজীয়াৰ বিদ্যাভাৰতী কনিষ্ঠ মহাবিদ্যালয়ত অভিনয় আৰু নৃত্য কৰ্মশালা

Acting and dance workshop at Nagaon

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়াৰ বিদ্যাভাৰতী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাংগণত বিদ্যাভাৰতীৰ উদ্যোগত আৰু ৰূপান্তৰৰ সহযোগত বৃহস্পতিবাৰৰ পৰা এক ১৫ দিনীয়াকৈ অভিনয় অাৰু নৃত্য কৰ্মশালা আৰম্ভ হৈছে।

২০ জুলাইলৈ অনুষ্ঠিত হ’ব লগা এই কৰ্মশালাত অসমৰ চলচিত্ৰ অাৰু মঞ্চ জগতৰ বহু কেইগৰাকী শিল্পীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব।

বৃহস্পতিবাৰে ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰাই অাঁত ধৰা আৰম্ভণি অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিদ্যাভাৰতী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালক ধ্ৰুৱজ্যোতি বৰুৱাই।

প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপষ্ঠিতিত কালিৰে পৰা কৰ্মশালাটি সুন্দৰ ৰূপে অনুষ্ঠিত হয়। কৰ্মশালাৰ ৰূপসজ্জাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব প্ৰকাশ বৰা, অভিনয়ৰ প্ৰশিক্ষক হিচাপে থাকিব ‘কণাই চুৰ’ খ্যাত প্ৰণৱ বৰুৱা, জীতেন বৰা, বিজিৎ নাথ, সোণমনি বেজবৰুৱা (নাট পৰিচালক, অভিনেতা)। নৃত্য প্ৰশিক্ষক হিচাপে থাকিব বনশ্ৰী শৰ্মা, অভিনৱ দাস আৰু দিপিকা দাস।

কৰ্মশালাটোৰ পৰিচালনা কৰিছে গৌৰাংগ বৰাই।