NORTHEAST NOW (Assamese)

বোকাখাতক শুকুলা নগৰী কৰি তোলাৰ লক্ষ্যৰে প্ৰশাসনৰ হোৱাইট ৱাচ

April 13, 2018 12:08 pm · উত্তম শইকীয়া
Updated: April 13, 2018 4:01 pm

বিহুৰ সময়তে বোকাখাত নগৰখনক সজাই তুলিবৰ বাবে নতুন পদক্ষেপ লৈছে বোকাখাত মহকুমা প্ৰশাসনে ৷ নুমলীগড় শোধনাগাৰৰ সহযোগত নগৰখনত আৰম্ভ কৰা পোন্ধৰ দিনীয়া বিশেষ চাফাই অভিযানৰ উপৰি নগৰখনত হোৱাইট ৱাচো আৰম্ভ কৰিছে প্ৰশাসনে ৷

মহকুমা প্ৰশাসনে বোকাখাত নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠানক বেৰত বগা ৰং লগাবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

প্ৰশাসনৰ এই নিৰ্দেশৰ পাছতেই নগৰখনৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠানে বেৰত বগা ৰং সানিবলৈ উঠি-পৰি লাগিছে ৷ ক্ৰমান্বয়ে শুকুলা নগৰৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে বোকাখাত নগৰখনে ৷

বোকাখাতৰ নৱ নিযুক্ত মহকুমাধিপতি বিবেক শ্যামৰ নেতৃত্বত বোকাখাত নগৰখনত হোৱা চাফাই আৰু হোৱাইট ৱাচ অভিযানে সকলোৰে প্ৰশংসা বুটলিছে ৷ ইয়াৰ সমান্তৰালকৈ বোকাখাতত চলা চুলাই মদ আৰু অবৈধ লালী গুৰৰ বিৰুদ্ধেও অভিযান চলাই আছে প্ৰশাসনে ৷

নৱ নিযুক্ত মহকুমাধিপতি গৰাকীৰ নেতৃত্বতেই নগৰখনত অৱহেলিত হৈ পৰি থকা বিষয়াৰ জিৰণি চ’ৰাকো চূণকাম কৰি সজাই তোলাৰ লগতে বোকাখাতত মহকুমা পুথিভঁৰাল স্থাপনৰ প্ৰাৰম্ভিক কামো আৰম্ভ কৰিছে ৷

মন কৰিব লগীয়া যে কাজিৰঙাৰ কাষতে থকা বোকাখাত নগৰক পৰ্যটন নগৰী কৰি গঢ়ি তোলাৰ দাবী আৰু পূৰ্ণ পৰ্যায়ৰ পৌৰনগৰী কৰাৰ বাবে বোকাখাত নগৰক ১০ টা ৱাৰ্ডলৈ সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰশাসনে কি ব্যৱস্থা লয় সি  লক্ষণীয় হ’ব ৷ কিয়নো পৌৰসভালৈ উন্নীত হ’লেও বোকাখাত নগৰ আজিও চাৰিটা ৱাৰ্ডতে সীমাবদ্ধ ৷

Related News