• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী : উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
April 13, 2018 11:11 am
AAU-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান দেশৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ে  ৫০ বছৰত ভৰি দিছে। ১৯৬৯ চনত মাত্ৰ ২খন মহাবিদ্যালয়ক লৈ আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনে বিগত ৪৯টা বছৰত ৰাজ্যখনৰ লগতে দেশৰ বাবেও বহু গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াই আহিছে।

অহা ১৭ এপ্ৰিলত বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানটোৰ সামৰণি কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। কৃষি বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই সামৰণি কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।

Apply Now

ৰাজ্যপাল জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগীয়া কাৰ্যসূচীটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব।বৃহস্পতিবাৰে যোৰহাটৰ বিশ্ববিদ্যালয়খনৰ অতিথিশালাত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে বক্তব্য আগ বঢ়ায় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱাই। সংবাদমেলত উপাচাৰ্যগৰাকীয়ে কয় যে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিশ্ববিদ্যালয় সংগীত, বিশ্ববিদ্যালয়ৰ প্ৰতীক গ্ৰহণ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰো মুকলি কৰা হৈছে।

এই বৰ্ষটোত এখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন, বতৰ পৰিৱৰ্তন শীৰ্ষক আলোচনাচক্ৰ, পশু চিকিৎসা বিষয়ক আলোচনা, গুৱাহাটীত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ, সদৌ অসম বেডমিণ্টন আৰু তৰ্ক প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

১৭ এপ্ৰিলৰ কাৰ্যসূচীত ১৩গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত আগ বঢ়োৱা অৱদানৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হ’ব। ন্যায়াধীশ এছ এন ফুকন, উদ্যোগী চিৰঞ্জীৱ চলিহা, সাংবাদিক ধীৰেন চক্ৰৱৰ্তী, সমাজকৰ্মী দীপক বৰঠাকুৰ, ৰাজশ্ৰী বৰুৱা, লক্ষহীৰা দাসৰ উপৰি ৬ গৰাকী কৃষকক উপ-ৰাষ্ট্ৰপতি নাইডুৱে পুৰস্কাৰ প্ৰদান কৰিব।

সংবাদমেলত উপাচাৰ্য ড০ বুজৰবৰুৱাই লগতে কয় যে মাত্ৰ ২খন কলেজেৰে আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনৰ অধীনত বৰ্তমান আছে ৯খন কলেজ। আৰু নতুন ২খন কলেজ প্ৰতিষ্ঠা কৰা হ’ব। ইয়াৰে এখন বড়োলেণ্ডত আৰু এখন সৰভোগত প্ৰতিষ্ঠা হ’ব।

বিশ্ববিদ্যালয়খনৰ ১২২ গৰাকী শিক্ষকে বিভিন্ন স্থানত প্ৰশিক্ষণ লোৱাৰ উপৰি বিদেশলৈও ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে পঠোৱা হৈছে। বিগত ৮ বছৰত বিশ্ববিদ্যালয়খনে ১২৩টা ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি আগন্তুক দুটা বৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনলৈ বিশ্ব বেংকৰ ২৫কোটি আৰু ৮.৫ কোটিৰ দুটা প্ৰকল্প আহিছে।

বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ  ১১টা গৱেষণা কেন্দ্ৰ আৰু ২৩টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। ইয়াত ৭৭০গৰাকী বিজ্ঞানী, শিক্ষকৰ উপৰি আছে প্ৰায় ১৭০০ কৰ্মচাৰী। ৮খন বেলেগ বেলেগ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰি আহিছে। বিগত ৫০ বছৰত বিশ্ববিদ্যালয়খনে ১২৮ বিধ বিভিন্ন বীজ মুকলি কৰি দিছে। বুট মাহৰ বিশেষ বীজে বিদেশতো সুখ্যাতি লাভ কৰিছে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd