বোকাখাতত খড়্গ সহ আটক চোৰাংচিকাৰীক

এশ গৰু মাৰিলে বাঘৰো মৰণ। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বিশেষকৈ নগাওঁ আৰু বোকাখাতৰ বিভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই বহু কেইটা চোৰাংচিকাৰী আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে নবেম্বৰ মাহৰ ভিতৰতে জখলাবন্ধা আৰক্ষীয়ে ১৭ টাকৈ চোৰাংচিকাৰী আটক কৰিবলৈ সক্ষম হৈছে।

তেনে সময়তে দেওবাৰে পুৱা বোকাখাত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এটা চোৰাংচিকাৰী। বোকাখাটৰ ৪ নং দ-গাঁৱৰ নিবাসী বিপিন বৰাৰ ঘৰত অভিযান চলাই খড়্গ সহ আটক কৰে বিপিনক। আটকাধীন বিপিন বৰাক আৰক্ষীয়ে জেৰা চলোৱাত পোহৰলৈ আহে বহুতো তথ্য। উল্লেখযোগ্য যে বিপিন পূৰ্বেও বহুকেইটা গঁড় হত্যাৰ লগত জড়িত থকাৰ লগতে দীৰ্ঘদিন ধৰি খড়্গ সৰবৰাহৰ লগত জড়িত হৈ আছিল।