NORTHEAST NOW (Assamese)

বোকাখাতত পশুপালন আৰু দুগ্ধ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ

July 30, 2018 10:41 am · এন ই নাও নিউজ

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই ২৯ জুলাইৰ দিনা বোকাখাতৰ কৃত্ৰিম গো-প্রজনন কেন্দ্রত আয়োজিত এক বিশেষ অনুষ্ঠানত  ৮১.৬২ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা বোকাখাত ৰাজ্যিক পশু চিকিৎসালয়খনৰ শুভ-উদ্বোধন কৰে৷

ইয়াৰ লগতে বোকাখাত মহকুমাত ৫.৫৩ কোটি টকা পুঁজিৰে নিৰ্মাণ কৰিব লগীয়া পশু-পালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়খনৰো আধাৰ-শিলা স্থাপন কৰে। একে দিনাই  বোকাখাতত মন্ত্রীগৰাকীয়ে ৩০ লাখ টকাৰ অসম পশুধন উন্নয়ন অভিকৰণৰ ভ্ৰাম্যমান বাহনখনৰো শুভ উদ্বোধন কৰে ৷

এই অনুষ্ঠানত অসম পশু ধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনৰ লগতে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু মহকুমাধিপতি বিবেক শ্যামৰ উপৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

ইয়াৰ উপৰিও মন্ত্ৰী অতুল বৰাই বোকাখাতৰ দুগ্ধ উন্নয়ন প্ৰকল্পলৈ গৈ এখন মিল্ক পাৰ্লৰৰো আধাৰশিলা স্থাপন কৰে৷ মিল্ক পাৰ্লাৰৰ আধাৰ শিলা স্থাপন কৰি অতুল বৰাই কয় যে বোকাখাতত আৰম্ভ হ’ব লগা এই দুগ্ধ উন্নয়ন প্ৰকল্পই অঞ্চলটোৰ গাখীৰৰ বিপনন বৃদ্ধি কৰি স্থানীয় গোপালক সকলক সহায় কৰিব৷

Related News