NORTHEAST NOW (Assamese)

বোকাখাতত পানীত পৰি নিৰুদ্দেশ হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

June 20, 2018 11:03 am · উত্তম শইকীয়া

বোকাখাতৰ যোগনীয়া আটি গাওঁত মঙলবাৰে বিয়লি পানীত পৰি নিৰুদ্দেশ হোৱা শিৱা মুণ্ডা নামৰ দশম মান শ্ৰেনীৰ ছাত্ৰজনৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয় ৷

পানীত পৰা ছাত্ৰজনৰ সন্ধানত বোকাখাত আৰক্ষীয়ে লগে লগে এছ ডি আৰ এফ বাহিনীৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও পাছত আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান আধাতে সামৰিব লগাত পৰে।

কিন্তু অভিযানকাৰী দলটোৱে আজি পুৱা পুনৰ  উদ্ধাৰ কাৰ্য চলোৱাত পানীৰ পৰা শিৱা মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইফালে উদ্ধাৰৰ পাছতে ছাত্ৰজনৰ মৃতদেহ বোকাখাত আৰক্ষী থানালৈ অনা হয় আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে বোকাখাত চাহ বাগিছাৰ পাম্প লাইনৰ ছাত্ৰ শিৱা মুণ্ডাই মঙলবাৰে যোগনীয়া আটি গাঁৱৰ ৰাঙলু সুঁতিত চাইকেল ৰখাই ভৰি ধুৱলৈ যাওঁতেই পানীত পৰি নিৰুদ্দেশ হৈছিল।

Related News