NORTHEAST NOW (Assamese)

বোকাখাতত পানীত পৰি নিৰুদ্দেশ দশম মানৰ ছাত্ৰ, অব্যাহত সন্ধান অভিযান

June 19, 2018 10:20 pm · উত্তম শইকীয়া

বোকাখাতৰ যোগনীয়া আটি গাঁৱত আজি ১৯ জুনৰ আবেলি পানীত পৰি নিৰুদ্দেশ হৈছে শিৱা মুণ্ডা নামৰ এজন দশম শ্ৰেণীৰ ছাত্ৰ৷

ৰাজ্যিক দুৰ্য্যোগ সাহায্য বাহিনীৰ সহযোগত বোকাখাত আৰক্ষীয়ে যুৱকজনৰ সন্ধানত  ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷

জানিব পৰা মতে যোগনীয়া আটি গাঁৱৰ ৰাঙলু সুঁতিত চাইকেল ৰখাই ভৰি ধুবলৈ যাওঁতেই পানীত পিচলি পৰে শিৱা মুণ্ডা৷

সন্ধ্যা নামি অহাৰ বাবে অভিযান চলোৱাত সমস্যাৰ সন্মুখীন হৈছে বুলি জনাইছে এছ ডি আৰ এফৰ অভিযানকাৰী দলে৷

Related News