NORTHEAST NOW (Assamese)

বোকাখাতত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যিক নাট মহোৎসৱ; ৮টা প্রতিষ্ঠিত নাট্যগােষ্ঠীৰ অংশ গ্রহণ

July 10, 2018 11:20 am · উত্তম শইকীয়া
Updated: July 10, 2018 11:22 am

৯ জুলাইৰ পৰা বোকাখাত নাট্য মন্দিৰত পোন প্ৰথমবাৰৰ বাবে ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বোকাখাত ৰাজ্যিক নাট্য মহোৎসব-২০১৮। এই নাট মহােৎসৱত ৰাজ্যৰ আঠটাকৈ প্রতিষ্ঠিত নাট্যগােষ্ঠীয়ে অংশ গ্রহণ কৰিব।

কালি সন্ধ্যা বোকাখাত নাট্য মন্দিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰে। উক্ত অনুষ্ঠানতে নাট মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘নাট্য চৰ্চা’ আৰু নাট্য সোঁৱৰণীৰ দাতাসকলৰ সোঁৱৰণী গ্রন্থও উন্মোচন কৰা হয়।

ইয়াৰ পাছতে নাট্য মহােৎসৱৰ প্ৰথম নিশাৰ নাট  নাট্যম নামৰ নাট্য গোষ্ঠীৰ দ্বাৰা পৰিবেশিত ‘ডেম পেহাৰ দূৰবীণ মঞ্চস্থ কৰা হয় । নাটখনৰ ৰচনা অমৰ শৰ্মাৰ আৰু সামগ্ৰিক পৰিচালনা জ্যোতি প্ৰসাদ ভুঞাৰ। উল্লেখযোগ্য যে অহা ১০ জুলাইত বোকাখাতৰ ৰূপজ্যোতি নাট্য গোষ্ঠীয়ে ৰফিৰুল হোছেইনৰ পৰিচালনাত উজিৰ মঙলা নামৰ নাটকখন পৰিবেশন কৰিব।

১৮ জুলাইত সামৰণী পৰিব লগা এই ৰাজ্যিক নাট মহোৎসৱ বোকাখাত নাট্যমন্দিৰ আৰু বোকাখাতৰ ইলেকট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচনে কাজিৰঙা নিউজ নেটৱৰ্কৰ বিশেষ সহযোগত অনুষ্ঠিত কৰিছে।

আনহাতে, নাট মহোৎসৱৰ সৈতে সংগতি ৰাখি এক নাট কর্মশালাও অনুষ্ঠিত কৰা হৈছিল, য’ত মুঠ ৩৫ গৰাকী প্রশিক্ষণার্থীয়ে প্রশিক্ষণ গ্রহণ কৰে। উক্ত কৰ্মশালাত বঙাইগাঁৱৰ সমৰজ্যোতি সৰকাৰ, মৰিগাঁৱৰ গােবিন নাথ আৰু গুৱাহাটীৰ পলী গগৈয়ে প্রশিক্ষণ প্রদান কৰে।

যোৱা ৮ জুলাইত সামৰণি পৰা কর্মশালাৰ সমাবৰ্তন অনুষ্ঠানত প্রশিক্ষার্থীসকলক মানপত্ৰৰে সন্মানিত কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলে যুৱ নাট্যকাৰ পৱিত্ৰ ৰাজখােৱাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত বন্ধ্যা নামৰ নাটকখন বোকাখাত নাট্য মন্দিৰত পৰিবেশণ কৰে।

Related News