বোকাখাতত বিজেপি যুৱ মৰ্চা, তাই আহোম যুৱ পৰিষদৰ নেতাকে ধৰি অৰ্ধ শতাধিকৰ অগপত যোগদান

আজি বোকাখাতৰ আৱৰ্ত ভৱনত অনুষ্ঠিত অসম গন পৰিষদ দলৰ এক বিশেষ সভাত বোকাখাত বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫০ ৰো অধিক ব্যক্তিয়ে আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে ৷

মন কৰিব লগীয়া যে, যোগদান কৰা ব্যক্তিসকলৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ বোকাখাত যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা কাজিৰঙা সমবায় সমিতিৰ সভাপতি নিলোৎপল ৰাজখোৱা আৰু দলটোৰ বোকাখাত ব্লকৰ প্ৰাক্তন মেডিয়া কনভেনৰ বিজু বৰগোহাঁইয়ো অন্যতম।

ইয়াৰ উপৰি তাই আহোম যুৱ পৰিষদৰ বোকাখাত মহকুমা সমিতিৰ সভাপতি ডিম্পল ঢেকীয়াল ফুকন, সম্পাদক আলোক বৰুৱা আৰু কাৰ্যকৰী সদস্য পলাশ গগৈ, কাজিৰঙা সমবায় সমিতিৰ তিনি গৰাকী সদস্যৰ লগতে ৰিৰি গাওঁ মিলিজুলি আত্ম সহায়ক গোটৰ সভাপতি পানেমা কুটুম, সম্পাদক ৰাজেশ্বৰী মৰাং সৈতে দহ গৰাকী সদস্যই আজিৰ এই অনুষ্ঠানত আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে ৷

অগপৰ বোকাখাত জিলাৰ সভাপতি জগত কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা, যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পৰেশ গগৈ , জিলা সম্পাদক সুৰেণ বৰি, জিলা সম্পাদক শঙ্কৰ জ্যোতি সেনাপতি , সম্পাদক অসীম বৰা, ইন্দ্ৰেশ্বৰ শৰ্মা, কৃষক পৰিষদৰ জিলা সভাপতি আৰু সদস্য নবীন দত্তৰ উপৰিও দলটোৰ বিভিন্ন বিষয়-ববীয়া উপস্থিত আছিল।

অনুষ্ঠানটোত নতুনকৈ দলটোত যোগদান কৰা ব্যক্তিসকলক আঁদৰণি জনীই অগপৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য জীৱেশ্বৰ বৰাই বিজেপিৰ প্ৰতি সৰ্ব সাধাৰণৰ মোহ ভঙ্গ হৈছে আৰু তাৰ বাবেই এতিয়া অগপলৈ ঢাপলি মেলিছে বুলি মন্তব্য কৰে ৷