বোকাখাতত সুৰামত্ত যুৱকৰ হাতত উন্মুক্ত পিষ্টল : বাছ আস্থানৰ যাত্ৰীৰ মাজত আতংক

Person arrested with pistol at bokakhat

বোকাখাত থানাৰ আৰক্ষীয়ে দেওবাৰে নিশা চহৰৰ মাজ মজিয়াৰ পৰা পিষ্টলসহ এজন সুৰামত্ত যুৱকক আটক কৰে। আটকাধীন যুৱকজনক বোকাখাত নগৰৰ ৪ নং ৱাৰ্ড বৰা গাঁৱৰ নিৱাসী বিকাশ বৰা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে বোকাখাত ডাকঘৰৰ এজন অস্থায়ী কৰ্মী বিকাশ বৰাই কালি নিশা সুৰামত্ত অৱস্থাত নগৰখনৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত হাতত এটা পিষ্টল লৈ ঘূৰি ফুৰিছিল।

সুৰামত্ত যুৱকজনৰ হাতত উন্মুক্ত পিষ্টল দেখি বাছ আস্থানত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল। অৱশ্যে সেই সময়তে তাত থকা তহলদাৰী আৰক্ষীয়ে তেওঁক দেখা পাই পিষ্টলসহ আটক কৰি বোকাখাত থানালৈ লৈ আনে।

বোকাখাত আৰক্ষী থানাত যুৱকজনক সোধপোচ কৰা হয় যদিও সুৰামত্ত অৱস্থাত থকাৰ বাবে আৰক্ষীয়ে তেওঁৰ পৰা বিশেষ কথা উলিয়াব নোৱাৰিলে ৷

আনহাতে বোকাখাত আৰক্ষীয়ে যুৱকজনৰ পৰা জব্দ কৰা পিষ্টলটো এটা এয়াৰ পিষ্টল বুলি জানিবলৈ দিয়ে যদিও কিন্তু কি কাৰণত তেওঁ নিশাৰ ভাগত এনেদৰে পিষ্টল লৈ ঘূৰি ফুৰিছিল সেয়াএতিয়াও পোহৰলৈ অহা নাই ৷

ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়েও সংবাদ মাধ্যমৰ আগত সবিশেষ মন্তব্য দিয়াৰ পৰা বিৰত আছে।

আজি অভিযুক্ত বিকাশ বৰাক বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীয়ে তেওঁক এদিনৰ বাবে নিজৰ জিম্মালৈ আনিছে।

আনহাতে ধৃত  বিকাশ বৰাই আৰক্ষীৰ আগত স্বীকাৰোক্তিৰ মতে তেওঁ পিষ্টলটো অনলাইন যোগে ক্ৰয় কৰিছিল।