বোকাখাতত ‘হেৰিটেজ হিৰ’ বিভূতি লহকৰ আৰু গ্ৰীন অস্কাৰ বিজয়ী পূৰ্ণিমা বৰ্মনক সম্বৰ্ধনা

Felicitation Program at Bokakhat

বোকাখাত মহকুমা পুথিভড়ালত আজি বিয়লি আয়োজিত এক বিশেষ অনুষ্ঠানত ৱৰ্ল্ড হেৰিটেজ পুৰস্কাৰ লাভ কৰা বিশিষ্ট পৰিবেশ কৰ্মী ড০ বিভূতি লহকৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নাৰী শক্তি আৰু গ্ৰীন অস্কাৰ বিজেতা বিশিষ্ট পৰিবেশ কৰ্মী ড০ পুৰ্ণিমা দেৱী বৰ্মনক সম্বৰ্ধনা জনোৱা হয়।

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ’চিয়েচনৰ সম্পাদক প্ৰদ্যুত মহন্ত, পুৱতি সাহিত্য সভাৰ সম্পাদিকা গীতাঞ্জলি কলিতা, প্ৰাক্তন সভানেত্ৰী কল্পনা চেতিয়া, প্ৰকৃতি সংগঠন আৰণ্যকৰ সমন্বয়ক নিৰঞ্জন ভূঞা আৰু মনজিত কোৱঁৰ, ৱাইল্ড লাইফ ট্ৰাষ্টৰ উপ সঞ্চালক ড০ ৰথীন বৰ্মন আৰু প্ৰৱন্ধক শুভময় ভট্টচাৰ্যকে ধৰি বিভিন্ন জন উপস্থিত আছিল।

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত ড০ বিভূতি প্ৰসাদ লহকৰ আৰু হাড়গিলা সংৰক্ষক ড০ পূৰ্ণিমা দেৱী বৰ্মনক বোকাখতীয়া ৰাইজৰ হৈ জিতু শৰ্মা ৰাজখোৱা আৰু ভৱানন্দ কলিতাই ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত বিভূতি প্ৰসাদ লহকৰে মানহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বনাঞ্চল বোৰৰ সংৰক্ষণৰ বাবে কৰা কৰ্মৰাজিৰ লগতে জনসাধাৰণৰ লগত কৰা সংৰক্ষণৰ কামৰ বিভিন্ন অভিজ্ঞতা বৰ্ণনা কৰে।

আনহাতে পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰীন অস্কাৰ বঁটা গ্ৰহনৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ লগতে উজনি অসম আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় অঞ্চলতো হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। অনুষ্ঠানত জিতু শৰ্মা ৰাজখোৱা, ভৱানন্দ কলিতা আৰু কল্পনা চেতিয়াই দুয়ো গৰকী বিশিষ্ট পৰিবেশ কৰ্মীকে শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷