বোকাখাতত ৰাইজে খেদিলে প্ৰাক্তন বিধায়ক জিতেন গগৈক : শিৱৰাত্ৰি মেলাৰ নামত মন্দিৰৰ পৰিৱেশ, গছ-বন ধ্বংস

JitenGogoi

‘কাজিৰঙাৰ ৰজা’ বুলি দাবী কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ এটা মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত আজি স্থানীয় ৰাইজৰ ৰোষৰ বলি হ’ব লগা হয়৷

নুমলীগড়ৰ ঐতিহাসিক বাবা থানৰ ওচৰত শিৱৰাত্ৰি মেলা পতাৰ নামত ৰাইজৰ মাটি বেদখল কৰা, থানখনৰ পৰিৱেশ বিনষ্ট কৰা আৰু অঞ্চলটোৰ গছ-বন কাটি ধ্বংস কৰাৰ অভিযোগত শুকুৰবাৰে আবেলি থানখনৰ চৌহদতে স্থানীয় লোকে বিতৰ্কিত নেতাজনক অৱৰোধ কৰে।

উত্তেজিত ৰাইজে খেদি নিয়াত মন্দিৰৰ ভিতৰত সোমাইহে প্ৰাণৰক্ষা কৰে জিতেন গগৈয়ে৷ তেওঁৰ সহযোগী প্ৰবীন বৰাও অপদস্থ হ’ব লগা হয়।

নুমলীগড় শোধানাগাৰ আৰক্ষীয়ে পিছত প্ৰাক্তন বিধায়কজনক উদ্ধাৰ কৰে৷

আৰক্ষীৰ উপস্থিতিত থানখনৰ পৰিচালনা ৰাইজৰ হাতত এৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে উপস্থিত লোকসকলে জিতেন গগৈক যাবলৈ দিয়ে৷

মেলাৰ পতাৰ নামত মাটি বেদখল নকৰিবৰ বাবে ইয়াৰ পূৰ্বে স্থানীয় লোকসকলে গগৈক সকীয়াই দিছিল৷

কিন্তু অভিযোগমতে জিতেন গগৈয়ে ৰাইজৰ আপত্তিক গুৰুত্ব নিদি শিৱৰাত্ৰি মেলাৰ আয়োজন কৰিছিল৷

ঘটনাটোৱে বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰিছে।