NORTHEAST NOW (Assamese)

বোকাখাতৰ আনন্দপুৰ চাহ বাগিচাত মহিলাৰ মৃতদেহ উদ্ধাৰ

June 6, 2018 10:34 am · উত্তম শইকীয়া
Updated: June 6, 2018 10:35 am

বোকাখাতৰ নগৰৰ গাতে লাগি থকা আনন্দপুৰ চাহ বাগিচাত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে স্বাঞ্চল্যই বিৰাজ কৰিছে৷

পুৱা স্থানীয় লোকে মৃত দেহটো বাগানত পৰি থকা দেখি বোকাখাত আৰক্ষীক খবৰ দিয়ে৷ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল  উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

মহিলাগৰাকী বোকাখাত ধোৱাআটি বেলগুৰি গাঁৱৰ মাইতি পেগু বুলি জানিব পৰা গৈছে। মৃত মাইতি পেগুয়ে দুটা সন্তানৰ লগতে  মানসিকভাৱে বিকাৰগ্ৰস্ত স্বামী হেমন্ত পেগুক এই সংসাৰত এৰি থৈ যায়।

ইফালে মৃতদেহৰ ডিঙিত আঘাতৰ চিন স্পষ্ট৷ কোনো লোকে হত্যা কৰি পেলাই যোৱাৰ সন্দেহ বোকাখাত আৰক্ষীৰ৷ সেয়ে ঘটনাস্থলীত স্নিফাৰ ডগ ব্যৱহাৰ কৰি বোকাখাত আৰক্ষীয়ে চলাইছে ঘটনাৰ অনুসন্ধান।

উল্লেখ্য যে আৰক্ষীয়ে ঘটনাস্থলীত চলোৱা প্ৰাথমিক অনুসন্ধানৰ সকলো তথ্য সংগ্ৰহ কৰি মহকুমা দণ্ডাধীশৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related News