NORTHEAST NOW (Assamese)

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত চেনিটেৰি নেপকিনৰ মেচিন দান নুমলীগড় শোধনাগাৰৰ

April 19, 2018 9:11 pm · উত্তম শইকীয়া

গোলাঘাট জিলাৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত নুমলীগড় শোধনাগাৰ ( NRL )ৰ সামাজিক দায়বদ্ধতা বিভাগে স্বাস্থ্য আৰু স্বচ্ছতা আঁচনিৰ অধীনত ছাত্ৰী সকলৰ বাবে এটা চেনিটেৰি নেপকিন ভেণ্ডিং মেচিন আৰু ইনচিনিটৰ স্থাপন কৰে৷

এই ভেণ্ডিং মেচিনৰ দ্বাৰা ছাত্ৰী সকলে নিম্নতম খৰচতেই বজাৰৰ তুলনাত সুলভ মূল্যত নেপকিন লাভ কৰিব পাৰিব আৰু ব্যৱহৃত নেপকিন সমুহ ইনচিনিটৰৰ জড়িয়তে নষ্ট কৰিব পাৰিব।

ছাত্ৰীসকলৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে গ্ৰহণ কৰা এই আঁচনিয়ে ছাত্ৰী নিৱাসত থকা ৫০ গৰাকী ছাত্ৰীক উপকৃত কৰিব বুলি জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে।

নুমলীগড় শোধনাগাৰৰ এই প্ৰয়াসক মহাবিদ্যালয় পৰিচালনা সমিতি,  মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ তথা ছাত্ৰীসকলে আদৰণি জনাইছে৷ সমগ্ৰ দেশজুৰি চলা স্বচ্ছতা অভিযান তথা স্বাস্থ্য সজাগতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নুমলীগড় শোধনাগাৰৰ এই পদক্ষেপ প্ৰশংসনীয় বুলি মন্তব্য কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে৷

Related News