NORTHEAST NOW (Assamese)

বোকাখাতৰ ধানবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ : বিহুৰ দিনাই মুৰে কপালে হাত দিছে কৃষকে

April 14, 2018 12:03 pm · উত্তম শইকীয়া
Updated: April 14, 2018 12:05 pm

গৰু বিহুৰ দিনা ৰাতিপুৱাতে মুৰে কপালে হাত দিব লগা হৈছে বোকাখাত মহকুমাৰ ধানবাৰী অঞ্চলৰ কৃষক ৰাইজে ৷ নিশা কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোৰ বিস্তীৰ্ণ বৰো ধানৰ পথাৰ টহিলং কৰি পেলায় ৷

হাতীৰ জাকটোৱে অঞ্চলটোৰ প্ৰায় ত্ৰিশ জনৰো অধিক কৃষকৰ শতাধিক বিঘা বৰো ধানৰ খেতি টহিলং কৰি পেলায় ৷

বিগত দুই নিশা ধৰি ধানবাৰী অঞ্চলত হাতীৰ উপদ্ৰব চলি আছে ৷ হাতীৰ উপদ্ৰবত ক্ষতি গ্ৰস্ত কৃষকে এতিয়া নষ্ট হোৱা বৰো ধানৰ ক্ষতিপূৰণৰ বাবে দাবী জনাইছে ৷

বিগত বৰ্ষতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোৰ শস্য নষ্ট কৰিছিল আৰু ক্ষতিগ্ৰস্ত কৃষকে ক্ষতি পূৰণ বিচাৰি বন বিভাগ আৰু মহকুমা প্ৰশাসনৰ কাষত আবেদন জনাইছিল যদিও আজি পৰ্যন্ত ক্ষতিপূৰণৰ নামত কৃষক সকলে এপইচাও নাপালে বুলি জনাইছে ধানবাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি বিজয় পেগুয়ে ৷

উল্লেখ্য যে বাৰিষা বানপানী আৰু খৰালি বনৰীয়া হাতীয়ে শস্য নষ্ট কৰাৰ পিছত সৰ্বস্বান্ত হৈ পৰিছে কৃষক সকল ৷ সেয়েহে ক্ষতিপূৰণ লাভৰ আশাত বিগত দুটা নিশা হাতীয়ে শস্য নষ্ট কৰাৰ সম্পৰ্কত পূব অসম বন্য প্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰীক পুনৰ লিখিত ভাৱে জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে ৷

Related News