NORTHEAST NOW (Assamese)

বোকাখাতৰ বহিখোৱা গাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন, অপহৰণৰ সন্দেহ পিতৃৰ

June 12, 2018 11:11 pm · উত্তম শইকীয়া

বোকাখাতৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহিখোৱা গাঁৱৰ অহিদুৰ ৰহমানৰ একমাত্ৰ পুত্ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ লালু আলি যোৱা দেওবাৰ ১০ জুনৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈছে৷

এই সম্পৰ্কত আজি ১২ জুনত বোকাখাত আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে পিতৃ অহিদুৰ ৰহমানে৷

প্ৰাপ্য তথ্য মতে মাতৃহীনা লালু আলি দেওবাৰৰ সন্ধিয়া ঘৰৰ পৰা ধনশিৰিমুখৰ ৰাস্তালৈ ওলাই অহা পাচৰে পৰা সন্ধানহীন হৈ থকা পুত্ৰ ঘৰলৈ উভতি নহাত পিতৃ অহিদুৰ ৰহমানে পুত্ৰক বিচাৰি ওচৰৰ ঘৰতো খবৰ কৰে যদিও কোনেও পুত্ৰৰ সন্ধান দিব নোৱাৰিলে৷

পুত্ৰক বিচাৰি পথলৈ ওলাই অহা অৱস্থাত এ এছ 0২ কে ৫৭২৪ নম্বৰৰ এখন টাটা চুম’ ভিস্টা গাড়ী সেই স্থানৰ পৰা তীব্ৰ বেগে আঁতৰি যোৱা তেওঁ দেখিছিল৷

টাটা চুমু গাড়ীখনেই তেওঁ পুত্ৰক অপহৰণ কৰি নিয়াৰ বুলি সন্দেহ কৰিছে পিতৃ অহিদুৰ ৰহমানে৷

Related News