বোকাখাত সমষ্টিৰ চাহ বাগিচাৰ পৰিচালকৰ সৈতে মন্ত্রী অতুল বৰাৰ বৈঠক : শ্ৰমিকৰ কল্যাণৰ বাবে কাম কৰিবলৈ কৰ্তৃপক্ষক আহ্বান

AtulBora

বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৪ মে’ত সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ পৰিচালকৰ সৈতে এক বৈঠকত মিলিত হয়৷ বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত মন্ত্রীগৰাকীয়ে বাগিচাসমূহৰ অধীনত থকা পথ, শিক্ষানুষ্ঠান আৰু চিকিৎসালয়ৰ লগতে খোৱাপানীৰ যোগান আদিৰ লগতে আনুষংগিক সমস্যাৰ বিষয়ত পৰিচালকসকলৰ সৈতে  বিশদভাৱে আলোচনা কৰে৷ বৈঠকত স্বাস্থ্য, শিক্ষা, শ্রম তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলো উপস্থিত আছিল।

বৈঠকত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে ৰাজ্যখনৰ প্ৰতিখন চাহ বাগিচাৰ সর্বাংগীণ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰে।

তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক বিশুদ্ধ পানী যোগানৰ বাবে বাগিচাসমূহত থকা বিভাগীয় পানী যোগান আঁচনিসমূহ সোনকালেই কার্যক্ষম কৰি বাগিচাৰ কৰ্তৃপক্ষলৈ হস্থান্তৰ কৰিবলৈ নির্দেশ দিয়ে৷

আনহাতে বাগিচাবোৰত খোৱাপানীৰ পৰা হ’ব পৰা ৰোগে যাতে মহামাৰীৰ ৰূপ ল’ব নোৱাৰে তাৰ বাবে পৰিচালকসকলক সতৰ্ক থাকিবলৈও মন্ত্ৰী অতুল বৰাই আহ্বান জনায়৷ লগতে বাগিচা সমূহৰ সকলো বাট-পথ আৰু দলং আদি সোনকালেই মেৰামতি কৰিবলৈ গড়কাপ্তানী (পথ) সংমণ্ডল বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।

কেবিনেট মন্ত্রীগৰাকীয়ে চাহ বাগিচাসমূহৰ উন্নয়নৰ বাবে বাগিচা পৰিচালকসকলক প্রশাসনৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়৷ বৈঠকত উপস্থিত থকা বোকাখাত মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াই বাগিচাত কোনো সন্দেহযুক্ত ব্যক্তি দেখা পোৱাৰ লগে লগে তৎক্ষণাত আৰক্ষীক অৱগত কৰিবৰ বাবে আহ্বান জনায়। গুৰুত্বপূৰ্ণ এই বৈঠকত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, নির্বাচনী বিষয়া জিমলী শইকীয়া কাকতী, সহকাৰী আয়ুক্ত শান্তনু গগৈৰ উপৰি বাগিচাসমূহৰ পৰিচালক আৰু কল্যাণ বিষয়াসকল উপস্থিত থাকে৷