ব্যৱসায়ী ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে নিজাববীয়াকে গোচৰ লওক আৰক্ষীয়ে : দেৱব্ৰত শইকীয়া

debabrata saikia on mukesh hyundai

তলতীয়া কৰ্মচাৰী এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি ব্যৱসায়ৰ সফলতা উদযাপন কৰি পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱা মুকেশ হুন্দাইৰ মালিক ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে অসম আৰক্ষীক নিজাববীয়াকে ব্যৱস্থা গ্ৰহণ (suo moto) কৰিবলৈ আহ্বান জনাইছে অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

‘কোম্পানিটোৰ পৰিচালক ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত অসম আৰক্ষীয়ে,’ মন্তব্য দেৱব্ৰত শইকীয়াৰ।

ঘটনাটো কৰ্মচাৰীজনৰ মৰ্য্যাদা আৰু মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন বুলি মন্তব্য কৰি শইকীয়াই বিষয়টো তুলি ধৰিবৰ বাবে মানৱ অধিকাৰ সংস্থাসমূহকো আহ্বান জনাইছে। ‘মানৱ অধিকাৰ সংস্থাসমূহে বিষয়টো তুলি ধৰা উচিত,’ শইকীয়াৰ আহ্বান।

এই সন্দৰ্ভত আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি জানিবৰ বাবে নৰ্থ ইষ্ট নাও-এ মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ সৈতে যোগাযোগৰ চেষ্টা কৰি আছে।

উল্লেখযোগ্য যে ঘটনাটোৰ ছবি বিয়পি পৰাত ছ’চিয়েল মিডিয়াতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসম প্ৰশাসনৰ কেন্দ্ৰস্থল দিচপুৰতে গণেশগুৰিৰ মুকেশ হুণ্ডাই নামৰ গাড়ীৰ শ্ব’ ৰুমটোৰ কৰ্মচাৰীক এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি ব্যৱসায়ৰ সফলতা উদযাপন কৰা কোম্পানিটোৰ মালিক ৰিশভ হিম্মটশিংকাৰ পৈশাচিক প্ৰদৰ্শনকামিতা আৰু অপৰাধৰ বিৰুদ্ধে আজি ৫ জুলাইত ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্মচাৰীসকলে।

অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোত যোৱা এক দশকতকৈও অধিক কাল চাকৰি কৰি অহা কৰ্মচাৰীজনক আজি ৫ জুলাইত ষ্টক-সম্পৰ্কীয় অ’ডিটক লৈ প্ৰশ্ন কৰি বুকুত ধৰি চোঁচোৰাই তেওঁলোকৰ হিন্দী ভাষাত ‘মুৰ্গা বনিবলে’ দিয়ে।

মালিক হিম্মটশিংকাই আনকি জোতা খুলি কৰ্মচাৰীজনক মাৰিব খুজিছিল আৰু প্ৰতিষ্ঠানটোত উপস্থিত সকলো লোকৰ সন্মুখত ঘটনাটো ঘটিছিল। ‘জোতা খুলিছিলে। তাৰ পৰা মেদামে ধৰিলে। মেডামে মাৰিব নিদিলে আৰু,’ ঘটনাথলীত উপস্থিত হিম্মতশিংকাৰ পত্নীৰ কথা উল্লেখ কৰি অসহায় কৰ্মচাৰীজনৰ মন্তব্য।

ৰাজধানীত ঘটা এই ঘটনাটোৱে অসমত ধনী ব্যৱসায়ীৰ মইমতালি আৰু থলুৱা শ্ৰমিকৰ অসহায় অৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।