• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰত চলিব অত্যাধুনিক ৱাটাৰ টেক্সি : অচিৰেই নিবিদা আহ্বান কৰিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 5:02 pm
Fiberglass_ferry
173
VIEWS
Share on FacebookShare on Twitter

বৰাক আৰু ব্ৰহ্মপুত্ৰৰ জলভাগৰ ওপৰেৰে যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে ক্ৰয় কৰিব অত্যাধুনিক প্ৰযুক্তিৰ, ফাইবাৰগ্লাছৰ ৱাটাৰ টেক্সি। ইয়াৰ বাবে অচিৰেই চৰকাৰে নিবিদা আহ্বান কৰাৰ কথা। ইতিপূৰ্বে অনলাইন টেক্সিসেৱা কোম্পানি ‘ওলা’ৰ সহযোগত এনেকুৱা টেক্সিৰ পৰীক্ষামূলক চলন সম্পন্ন কৰা হৈছে।

চৰকাৰী সূত্ৰটোৱে জনোৱা মতে অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে এনেকুৱা ১৫ খন অত্যাধুনিক বাহন ক্ৰয় কৰিব। ইতিপূৰ্বে বৰাক নদীত ৪খন এনেকুৱা বাহন চলাই থকা হৈছে। যোৱা বছৰৰ নৱেম্বৰৰ পৰা এই বাহনকেইখন চলোৱা হৈছে।

বাকী ১১খন ৱাটাৰ টেক্সি সোনকালেই সাজু হৈ উঠিব আৰু এইকেইখন ব্ৰহ্মপুত্ৰত চলিব। সূত্ৰটোৱে জনোৱামতে এই ৱাটাৰ টেক্সিকেইখনে ধুবুৰী, গুৱাহাটী আৰু মাজুলীৰ মাজত সংযোগ স্থাপন কৰিব।

সূত্ৰটোৱে কয় যে কেন্দ্ৰই ইতিমধ্য অভ্যন্তৰীণ জল পৰিবহণক উচ্চ ক্ষমতাসম্পন্ন ৰো-ৰো বা ৰোল অন/ৰোল অফ জাহাজ প্ৰদান কৰিছে। এইখন ধুবুৰী আৰু হাটীশিঙামাৰীৰ মাজত চলাচল কৰি আছে। এইখন জাহাজত এটা খেওত ২০০ জন যাত্ৰী আৰু ৮খন ট্ৰাক কঢ়িয়াব পাৰি। কেন্দ্ৰই আৰু এনেকুৱা ৰো-ৰো জাহাজ প্ৰেৰণৰ নিৰ্দেশ দিছে, যিকেইখন গুৱাহাটী, মাজুলী আৰু শিলচৰৰ লগতে অন্যান্য স্থানত চলোৱা হ’ব।

আনহাতে যোৱা ৪ এপ্ৰিলত বিধানসভাৰ মজিয়াত ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে চৰকাৰে ৰাজ্যখনত এখন National Inland Navigation Institute স্থাপন কৰাৰ কথা চিন্তা কৰি আছে। মন্ত্ৰীজনে লগতে অভ্যন্তৰীণ জল পৰিবহণত সংস্কাৰ অনাৰ কথাও উল্লেখ কৰিছিল।

এই ক্ষেত্ৰত তেওঁ ব্যক্তিগত খণ্ডৰ নাওবোৰক নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰিছিল। অসমৰ অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাটোৰ উন্নীতকৰণৰ বাবে বিশ্ব বেংকে ৯৫০ কোটি টকাৰ দিয়া বুলি মন্ত্ৰীজনে সদনত তথ্য প্ৰদান কৰিছিল।

Recent News

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd