ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ কাৰণ তিব্বতৰ ভূমিকম্প : চীন

ভাৰতত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ কাৰণ প্ৰসংগত মন্তব্য কৰি চীনে মঙলবাৰে জনায় যে ইয়াৰ কাৰণ তিব্বতত হোৱা ৬.৯ ৰিখটাৰ প্ৰাবল্যৰ এক ভূমিকম্প। সেই ভূমিকম্পটোৱে যোৱা নৱেম্বৰ মাহতে তিব্বতত জোকাৰণি তুলিছিল। চীনা বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ হুৱা চুনইঙে লগতে জনায় যে শেহতীয়া পৰীক্ষা অনুযায়ী ব্ৰহ্মপুত্ৰৰ পানীৰ মান তৃতীয় শ্ৰেণীৰ (Class III)। এই পানী মাছ আৰু অন্য বন্য জীৱৰ বিকাশৰ বাবে অনুকুল। উল্লেখযোগ্য যে কিছু দিনৰে পৰা অৰুণাচল প্ৰদেশত চিয়াং নামেৰে জনাজাত ব্ৰহ্মপুত্ৰৰ পানী ভয়াৱহ প্ৰদূষণক লৈ ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈ আহিছিল। হুৱাই জনায়, ‘আমি লক্ষ্য কৰিছো যে ভাৰতীয় সংবাদমাধ্যমে এই বিষয়টোৰ সন্দৰ্ভত শেহতীয়াকৈ ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। তেওঁলোকে পূৰ্বতে চীনে জলসৰংক্ষণ প্ৰকল্প অথবা জলপ্ৰবাহী সুৰংগ নিৰ্মাণ কৰিছে বুলি বাতিৰ প্ৰকাশ কৰিছিল। আনহাতে এতিয়া তেওঁলোকে কৈছে নদীখনৰ ওপৰ অংশত এটা বন্ধ জলাশয় সৃষ্টি হৈছে।’ তেওঁ লগেত দাবী কৰে, ‘মই আপোনালোকক দায়িত্ব সহকাৰে ক’ব পাৰো যে চীনা কৰ্তৃপক্ষৰ তদন্তৰ প্ৰতিবেদন অনুসাৰে এই আশংকা বিলাকৰ কোনো সত্যতা নাই।’ তেওঁ কয় যে তিব্বতৰ মেইন লিং প্ৰদেশৰ সমীপৰ এটা অঞ্চলত নৱেম্বৰৰ মাজভাগত হোৱা ৬.৯ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পটো ‘নদীখনৰ মধ্য আৰু নিম্ন অংশত কিছু দিনৰ বাবে দেখা দিয়া ঘোলা পানীৰ কাৰণ হ’ব পাৰে।’ তেওঁ জনায়, ‘ভূমিকম্পৰ পিছতে আমি ইয়াৰলুঙ চাংপো (ব্ৰহ্মপুত্ৰৰ চীনা নাম)) ৰ পানী পৰীক্ষা কৰি দেখিছো যে এই পানীৰ মান তৃতীয় শ্ৰেণীৰ।’ একেসময়তে তেওঁ সজোৰে দাবী কৰে যে এই সন্দৰ্ভত  চীনে কৰা পৰীক্ষা ‘সম্পূৰ্ণৰূপে মানৱীয়তাৰ ভিত্তিত আৰু ই সীমা সমস্যা বিষয়ত কোনো প্ৰভাৱ নেপেলায়।’