ব্ৰহ্মপুত্ৰৰ পানীত বিষাক্ত পদাৰ্থ নোহোৱাটো নিশ্চিত কৰিছে কেন্দ্ৰীয় জল আয়োগে

চীনে দক্ষিণ তিব্বতৰ পৰা ভাৰতলৈ বৈ অহা য়াৰলং ছাংপো নদীৰ পানীৰ গতি সলনি কৰাৰ কোনো প্ৰমাণ বিচাৰি পোৱা ৰাষ্ট্ৰীয় নদী জল পৰ্যবেক্ষণ সংস্থা কেন্দ্ৰীয় জল আয়োগে। ৰাষ্ট্ৰীয় বাতৰি কাকত টাইমছ অফ্ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। তিব্বতৰ পৰা বৈ অহা য়াৰলং ছাংপো নদীখন অৰুণাচলত ছিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ হিচাপে পৰিচিত।

কেন্দ্ৰীয় জল আয়োগৰ উদ্ধৃতি দি কাকতখনে প্ৰকাশ কৰিছে যে প্ৰায় এমাহ ধৰি মেক মোহন লাইনৰ মাজেৰে পাৰ হৈ অহা ছিয়াঙৰ পানী কিয় চিমেন্টৰ দৰে ঘোলা হৈছে সেয়া আয়োগে নিৰ্দ্ধাৰণ কৰিব পৰা নাই।

অসমৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পানীও ঘোলা হোৱা পৰিলক্ষিত হৈছিল। নতুন দিল্লীৰ কেন্দ্ৰীয় জল আয়োগৰ পৰীক্ষাগাৰলৈ পঠোৱা ছিয়াঙৰ পানীৰ নমুনাত কোনো বিষাক্ত পদাৰ্থ পোৱা নাই। ‘’ আমি বিষাক্ত পদাৰ্থ থকাৰ সম্ভাৱনাৰ বিষয়ে চিন্তিত আছিলো, কিন্তু সেয়া নোহোৱাৰ বাবে এতিয়া সঠিকভাৱে বিশুদ্ধিকৰণ কৰি মানুহে ইয়াৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰে,’’-কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ উদ্ধৃতিৰে কাকতখনে প্ৰকাশ কৰিছে।

ছিয়াং নদীৰ পানী ক’লা হৈ পৰাৰ কেইবাটাও তত্ত্ব আছে। তাৰ ভিতৰত এটা হৈছে চীনে য়াৰলং ছাংপোৰ ওপৰত বান্ধ নিৰ্মাণ কৰিছে আৰু তাৰ নিৰ্মাণৰ ভগ্নাংশসমূহ নামনিলৈ বোৱাই দিছে।

আন এক দৃষ্টিভংগী হৈছে যে চীনে য়াৰলং ছাংপোৰ মাজেৰে এটা সুৰংগ খন্দাৰ পৰিকল্পনা কৰি ইয়াৰ পানী চীনৰ মৰুভূমি অঞ্চললৈ বোৱাই নিব।

তাৎপৰ্যপূৰ্ণভাৱে, শেহতীয়াকৈ এক ছেটেলাইট যোগে লাভ কৰা ছবিত চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৰ্থাৎ তিব্বতৰ য়াৰলং ছাংপোত প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ এটা বৃহৎ সুৰংগেৰে গোটেই পানীৰ সোঁত বোৱাই নিয়াৰ পৰিকল্পনাৰ কথা ধৰা পৰিছে।