কালি সংসদত জলসম্পদ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুনৰাম মেঘাৱলে এক বিবৃত্তিত কয় যে ব্ৰহ্মপুত্ৰ নদীৰ পানী এতিয়াও খোৱাৰ উপযোগী হৈ আছে। টাটিং আৰু পাছিঘাটৰ পৰা সংগ্ৰহ কৰা চিয়া্ং নদীৰ পানীৰ নমুনা পানীৰ গুণাগুণ পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাৰ প্ৰতিবেদনে দেখুৱাইছে যে পৰীক্ষিত সকলো উপাদান গ্ৰহণযোগ্য সীমাৰ ভিতৰতে আছে। ঘোলা হোৱাটোৰ বাদে খোৱাপানীৰ ক্ষেত্ৰত ভাৰতীয় মানক ব্যুৰোৱে (BIS 10500:2012) নিৰ্ধাৰণ কৰি দিয়া মানৰ ভিতৰতে সকলো আছে।
তেওঁ লগতে কয় যে অৰুণাচল প্ৰদেশৰ জনস্বাস্থ্য কাৰিকৰী আৰু পানীযোগান বিভাগে পাচিঘাটৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাৰ গুণাগুণ পৰীক্ষা কৰি পোৱা ফলাফলত গেদ আৰু আইৰন গ্ৰহণযোগ্য সীমাতকৈ বেছি দেখা গৈছে।
ইয়াৰোপৰি পাচিঘাট আৰু জোনাইৰ পৰা সংগ্ৰহ কৰা চিয়াং নদীৰ পানীৰ NERIWALM এ কৰা পদাৰ্থ-ৰাসায়নিক বিশ্লেষণে দেখুৱাইছে যে এলুমিনিয়াম আৰু আইৰন খোৱাপানীত থকা গ্ৰহণযোগ্য মাত্ৰাতকৈ অধিক আছে।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ এটা প্ৰধান সুঁতি চিয়াং নদীৰ পানী অলপ দিনৰ পূৰ্বে হঠাতে অস্বাভাৱিক মাত্ৰাত ঘোলা পৰা ঘটনাটোৱে নদীপৰীয়া ৰাইজক শংকিত কৰি তুলিছিল। এই কাৰণৰ লগতে উজনিৰ নদীখনত চীনৰ গোপন কাৰ্য্যসূচীয়ে এনে কৰিছে বুলি এক দেশজুৰি হৈ চৈৰ সৃষ্টি হৈছিল। ফলত দাবী উঠিছিল কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধান তথা পানীৰ পৰীক্ষা ভিত্তিক এক প্ৰতিবেদনৰ।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে কয় যে জলপৃষ্ঠৰ উচ্চতাত হোৱা পৰিৱৰ্তনক কেন্দ্ৰীয় জল আয়োগে টাটিঙত নিৰীক্ষণ কৰিছে আৰু এইটো গম পোৱা গৈছে যে ১৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত উচ্চতা প্ৰায় ১.৯ মিটাৰ হ্ৰাস পোৱাৰ লগতে প্ৰবাহ ৫০ শতাংশ হ্ৰাস পাইছিল। সংসদত মন্ত্ৰীজনে কয় যে চিয়াং নদীৰ এই পৰিৱৰ্তন ভূমিস্খলন বা ভূমিকম্প বা উজনিৰ অংশত চলা যিকোনো নিৰ্মাণকাৰ্যৰ বাবেও হ’ব পাৰে। সীমান্তৰ সিপাৰে হোৱা এনে কোনো সক্ৰিয়তা বা ঘটনাৰ বিষয়ে জানিব পৰা হোৱা নাই।
‘প্ৰকৃত কাৰণটো এতিয়াও জানিব পৰা হোৱা নাই। অলপতে চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত চিয়াং নদীৰ পানীৰ অস্বাভাৱিক পৰিৱৰ্তনকে ধৰি আন্তঃসীমাত থকা নদীবোৰ সম্পৰ্কীয় কথাবোৰ চীনৰ ওচৰত উত্থাপন কৰা হৈছে।’ মেঘৱালে কয়।