বড়োসকলৰ ৰাজনৈতিক-সামাজিক অধিকাৰৰ হকে যুঁজ দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস উদযাপন

Upendranath Brahma

বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে আজীৱন নিজকে উৎসৰ্গা কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আঠইচ সংখ্যক মৃত্যু দিৱস ১ মে’ত বি টি এ ডিৰ চাৰিখন জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যখনৰ অন্যান্য অঞ্চলতো পালন কৰা হয়।

কোকৰাঝাৰৰ পৰা পোৱা খবৰ মতে, জিলাখনৰ দোতমা থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰত দোতমা আঞ্চলিক এবছুৰ তথা কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ব্ৰহ্মৰ ২৮ সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। অনুষ্ঠানটোত এবছুৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক লৰেন্স ইচলাৰীয়ে। বডোফাৰ প্ৰতিমূৰ্তি আৰু সমাধিক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায় ক্ৰমে এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী আৰু এবছুৰ অন্যান্য নেতা-কৰ্মীয়ে। অনুষ্ঠানটোত ভালেসংখ্যক স্থানীয় ৰাইজ আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

আনহাতে ৰাজ্যৰ সমাজ কল্যাণ, ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়েও উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায়।

এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে নিজৰ বক্তব্যত কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলক বিশ্বত সু-সভ্য, বৃহৎ জনগোষ্ঠী হিচাপে পৰিচয় কৰাই দি আত্মপৰিচয়, অস্তিত্বক লৈ মূৰ দাঙি জীয়াই থকাৰ বাবে যিখিনি কৰি থৈ গ’ল সেয়া বড়ো জনতাই কেতিয়াও পাহৰিব নোৱাৰে।

কোকৰাঝাৰৰ লগতে চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, কাৰ্বি আংলং গোৱালপাৰা, গোলাঘাটসহ ৰাজ্যৰ প্ৰায়কেইখন জিলাত এবছুৰ প্ৰতিখন আঞ্চলিক সমিতিৰ উদ্যোগত উপেন্দ্ৰ ব্ৰহ্মৰ মৃত্যু দিৱস পালন কৰা হয়।

উল্লেখযোগ্য যে বড়ো সকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক বড়োসকলে নিজ পিতৃৰ দৰে জ্ঞান কৰি ‘বডোফা’ (বড়োসকলৰ পিতৃ) বুলি অভিহিত কৰে। কোকৰাঝাৰ জিলাৰ দতমাৰ বাগাৰি গাঁৱত জন্মগ্ৰহণ কৰা উপেন্দ্ৰনাথ ব্ৰহ্ম ১৯৮৬ চনত সদৌ বড়ো ছাত্ৰ সন্থা’ৰ সভাপতি নিৰ্বাচিত হৈছিল। কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ ১৯৯০ চনৰ ১ মে’ত মৃত্যুক সাৱটি লৈছিল। বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ বাবে আন্দোলনৰ নেতৃত্ব দিয়া ব্ৰহ্মক প্ৰতিবছৰে সশ্ৰদ্ধাৰে সুঁৱৰি আহিছে এবছু আৰু সমগ্ৰ বড়ো সমাজে।