বৰক্ষেত্ৰীত অগপৰ কেন্দ্ৰীয় চহিদ দিৱস পালন

আজিৰ দিনটোত আন কেইবছৰৰ দৰে এই বছৰো অগপ দলে কেন্দ্ৰীয়ভাৱে চহিদ দিৱস পালন কৰাৰ বাতৰি আহিছে। দলটোৱে নলবাৰী জিলা অগপৰ সহযোগত বৰক্ষেত্ৰী সমষ্টিৰ ৰামপুৰৰ বামুণবৰিত কেন্দ্ৰীয় নেতৃবৃন্দই দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে চহিদ দিৱস। ৰাতিপুৱা ৯ বজাত কেন্দ্ৰীয় সভাপতি অতুল বৰাই  পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি  কৰে। তাৰ পিছত চহিদ দিলীপ হুজুৰীৰ ভাতৃ দীপক হুজুৰীয়ে চহিদ তৰ্পণ কৰে আৰু দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই মাল্যাৰ্পণ কৰে। এই কাৰ্যসূচী কেইটাৰ পিছতে চহিদ পৰিয়াল সমূহৰ সদস্যক সম্বৰ্ধনা জনায়। আনহাতে উক্ত কাৰ্যসূচীৰ লগতে সংগতি ৰাখি  সভাপতি অতুল বৰাৰ সভাপতিত্বত এখন মুকলি সভা আৰম্ভ হয়।

কেন্দ্ৰীয়ভাৱে আয়োজিত এই চহিদ দিৱস কাৰ্যসূচীত উপস্থিত থাকে কৃষী মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামীৰ উপৰিও আন বহুতো কেন্দ্ৰীয় নেতৃবৃন্দ তথা জিলা নেতৃবৃন্দৰ লগতে অগপ দলৰ বহুতো গুণমুগ্ধ।

উল্লেখযোগ্য যে অসমৰ ইতিহাসত এক অনবদ্য আন্দোলন হৈছে অসম আন্দোলন। অবৈধ বিদেশী নাগৰিক বিতাড়নৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমবাসীয়ে ১৯৭৯ চনৰ পৰা সুদীৰ্ঘ ৬ বছৰ কাল আন্দোলনত নামিছিল। এই আন্দোলনৰ সময়তে  ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ নিশা প্ৰশাসনৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ উজান বৰবৰি গাঁৱৰ নিবাসী খৰ্গেশ্বৰ তালুকদাৰে। আন্দোলনটোৰ সময়ত মুঠ ৮৫৫ গৰাকী আন্দোলনকাৰীৰ প্ৰাণ যোৱাৰ লগতে আন বহুতো নিৰীহ লোকৰ মৃত্যু হৈছিল। ৮৫৫ গৰাকী আন্দোলনকাৰীৰ মাজৰ ভৱানীপুৰৰ স্বৰ্গীয় খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুকে প্ৰথম বুলি ধৰা হয় আৰু সেই দিনটোতে সদৌ অসম ছাত্ৰ সন্থাই চহিদ দিৱস হিচাপে উদযাপন কৰি সকলো চহিদক সোঁৱৰি আহিছে।

আনহাতে এই ঐতিহাসিক আন্দোলনৰ পৰিসমাপ্তিৰ পিছতে অসম গণ পৰিষদ নামেৰে এক আঞ্চলিক ৰাজনৈতিক দলৰ গঠন হৈছিল আন্দোলনকাৰীসকলৰ পৃষ্ঠপোষকতা আৰু অন্তৰ্ভুক্তিৰে। মূলতঃ অসম আন্দোলন তথা আন্দোলনৰ চহিদ সকলৰ আৱেগ-অনুভূতিক লৈয়ে গঠিত হোৱা অগপ দলে সেয়ে এই ১০ ডিচেম্বৰ দিনটোত আন্দোলনটোৰ চহিদসকলক সুঁৱৰি আহিছে।