বিভিন্ন দাবী পূৰণৰ দাবীত বৰপেটাত অংগনবাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ

IMG-20180710-WA0008

সংহত শিশু বিকাশ আঁচনিৰ বাজেট শীঘ্ৰে বৃদ্ধি কৰা আৰু এই আঁচনি বেচৰকাৰী সংস্থাক দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বৰপেটা চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সৰ্বভাৰতীয় ফেডাৰেশ্যনৰ আহ্বানত আৰু ‘চিটু’ৰ (Center og Indian Trade Unions) সহযোগত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আজি দেশজুৰি পালন কৰে ক’লা দিৱস৷ এই কাৰ্যসূচীৰ অংশ হিচাপে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বৰপেটা জিলা সমিতিয়ে দিনৰ প্ৰায় ১০ -০০ বজাত জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷

ইয়াৰ পিছত, প্ৰায় ১২-০০ বজাত কৰ্মী সহায়িকাসকলে হাতে হাতে প্লে-কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰখৰ ৰ’দকো নেওচি কে’বা শতাধিক মহিলাই  অংশগ্ৰহণ কৰা এই সমদলটো ৰাজপথেৰে আগবঢ়াৰ ফলত বৰপেটা-হাউলী পথছোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়৷

জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হোৱাৰ পথত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা আৰোপ কৰে। বাধাৰ সন্মুখীন হৈ প্ৰতিবাদকাৰীসকল আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত সমবেত হয় আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷

এই স্থানতে জিলা উপায়ুক্তৰ প্ৰতিনিধি এগৰাকী উপস্থিত হোৱাত প্ৰতিনিধিগৰাকীৰ হাতত জিলা উপাযুক্তৰ জৰিয়তে দেশৰ শিশু আৰু মহিলা কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰিব লগা স্মাৰকপত্ৰখন প্ৰদান কৰে৷ কাৰ্যসূচীত সন্থাটোৰ জিলা সমিতিৰ সভানেত্ৰী ৰণজিতা কাকতি আৰু সম্পাদিকা ডলিমইনা চৌধুৰীৰ লগতে অন্যান্য নেত্ৰীসকল আৰু কে’বা শতাধিক কৰ্মী-সহায়িকা উপস্থিত থাকে৷