বিভিন্ন দাবী পূৰণৰ দাবীত বৰপেটাত অংগনবাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ
সংহত শিশু বিকাশ আঁচনিৰ বাজেট শীঘ্ৰে বৃদ্ধি কৰা আৰু এই আঁচনি বেচৰকাৰী সংস্থাক দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বৰপেটা চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সৰ্বভাৰতীয় ফেডাৰেশ্যনৰ আহ্বানত আৰু ‘চিটু’ৰ (Center og Indian Trade Unions) সহযোগত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আজি দেশজুৰি পালন কৰে ক’লা দিৱস৷ এই কাৰ্যসূচীৰ অংশ হিচাপে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বৰপেটা জিলা সমিতিয়ে দিনৰ প্ৰায় ১০ -০০ বজাত জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷
ইয়াৰ পিছত, প্ৰায় ১২-০০ বজাত কৰ্মী সহায়িকাসকলে হাতে হাতে প্লে-কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰখৰ ৰ’দকো নেওচি কে’বা শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই সমদলটো ৰাজপথেৰে আগবঢ়াৰ ফলত বৰপেটা-হাউলী পথছোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়৷
জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হোৱাৰ পথত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা আৰোপ কৰে। বাধাৰ সন্মুখীন হৈ প্ৰতিবাদকাৰীসকল আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত সমবেত হয় আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷
এই স্থানতে জিলা উপায়ুক্তৰ প্ৰতিনিধি এগৰাকী উপস্থিত হোৱাত প্ৰতিনিধিগৰাকীৰ হাতত জিলা উপাযুক্তৰ জৰিয়তে দেশৰ শিশু আৰু মহিলা কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰিব লগা স্মাৰকপত্ৰখন প্ৰদান কৰে৷ কাৰ্যসূচীত সন্থাটোৰ জিলা সমিতিৰ সভানেত্ৰী ৰণজিতা কাকতি আৰু সম্পাদিকা ডলিমইনা চৌধুৰীৰ লগতে অন্যান্য নেত্ৰীসকল আৰু কে’বা শতাধিক কৰ্মী-সহায়িকা উপস্থিত থাকে৷