বৰপেটাত অনুসূচিত জাতিৰ লোকৰ আঁচনি সম্পৰ্কে সজাগতা সভা

অনুসূচিত জাতিৰ লোকৰ আঁচনি সম্পৰ্কে সজাগতা সভা

অনুসূচিত জাতিৰ লোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহ ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে বৰপেটাত আজি অনুষ্ঠিত হয় এক সজাগতা সভা।

বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত এই সজাগতা সভাখন উদ্বোধন কৰে স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

চৰকাৰী আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ লোকসকলে কিদৰে স্বাৱলম্বী হ’ব পাৰি তাৰ ওপৰত বক্তব্য আগবঢ়ায় বিধায়ক গৰাকীয়ে।

অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘বৰপেটা ৰোজগাৰ খাদী গ্ৰামোদ্যোগ সংগঠন’ৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখনত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ দাসে ডঃ বি আৰ আম্বেদকাৰৰ ওপৰত চমু বক্তব্য আগবঢ়ায়।

স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি ভূপেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক সপ্তম হাজৰিকাই অনুসূচিত জাতিৰ লোকৰ বাবে থকা চৰকাৰী আঁচনিসমূহৰ ওপৰত বিতং ব্যাখ্যা আগবঢ়ায়।

জিলাখনৰ ভিন্ন প্ৰান্তৰ তিনি শতাধিক লোকে অংশগ্ৰহণ কৰা সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় অধিবক্তা লক্ষী গোপাল পাঠকে।

অনুসূচিত জাতিৰ লোকসকলক বৰপেটা ৰোজগাৰ খাদী গ্ৰামোদ্যোগ সংগঠনৰ তৰফৰ পৰা অচিৰেই ফলমূল সংৰক্ষণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি সংগঠনটোৰ সম্পাদক দয়াল সূত্ৰধাৰে সভাত সদৰী কৰে।