বৃটিছৰ আমোলত চহৰৰ মৰ্যাদা লাভ কৰা তথা শতাব্দী প্ৰাচীন বৰপেটা চহৰৰ বৰ-বজাৰত অবৈধভাৱে দখল কৰা ব্যৱসায়িক-প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰে জিলা প্ৰশাসন। দীৰ্ঘদিন ধৰি পদপথসমূহ দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰি লোৱা ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আজি বৰপেটা জিলা আৰু পৌৰ প্ৰশাসনে যুটীয়াভাৱে উচ্ছেদ অভিযান চলায়।
বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লৱী গগৈ আৰু বৰপেটা পৌৰসভাৰ সভানেত্ৰী তুলিকা দাস আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত পুৱাৰে পৰা প্ৰশাসনে জেচিবিৰে বৰপেটা-বাঘবৰ পথত অৱস্থিত আদালত চৌহদৰ সমীপৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিত চহৰখনৰ মূল পথ ক্ৰমে কমলাকান্ত পথ আৰু বৰপেটা-বাঘবৰ পথতো চলোৱা হয় উচ্ছেদ অভিযান।
উল্লেখ্যযোগ্য যে কালি বৰপেটা জিলাৰ উপায়ুক্তৰ সভাকক্ষত বৰপেটা পৌৰসভাৰ সভানেত্ৰী তুলিকা দাস, উপ-সভাপতি ৰঞ্জিত দাস, চিটিজেন ফ’ৰামৰ সভাপতি-সম্পাদক, বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাৰ সিদ্ধান্ত মৰ্মে এই উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে। উক্ত সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, চহৰখনৰ পদপথসমূহত চলি থকা বেদখল উচ্ছেদ কৰাৰ বাবে আজি পুৱাৰে পৰা এই উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনে।
স্মৰ্তব্য যে, দীৰ্ঘদিন ধৰি বৰপেটা চহৰৰ গৰিষ্ঠ সংখ্যক পদপথসমূহ একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি ব্যৱসায় চলাই অহাৰ ফলত চহৰখনৰ পথসমূহ সংকুচিত হৈ পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল। পথটোৰ ওপৰত দীৰ্ঘদিন ধৰি হোৱা এনে অবৈধ বেদখলৰ বিৰুদ্ধে বিভিন্ন সময়ত চহৰখনৰ ৰাইজে ব্যৱস্থা ল’বলৈ প্ৰশাসন আৰু পৌৰসভাক দাবী জনাই আহিছিল।
চহৰখনত চলা আজিৰ এই উচ্ছেদ অভিযানক বিভিন্ন মহলে আদৰণি জনাইছে যদিও একাংশ লোকে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে। অভিযোগ উত্থাপনকাৰী লোকসকলে জনোৱা মতে, পৰ্যাপ্ত সময় তথা আগতীয়াকৈ জাননী নিদিয়াকৈ আজি আকস্মিকভাৱে উচ্ছেদ অভিযান চলোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগা হয় ব্যৱসায়-প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকল।
ব্যৱসায়ীসকলে কৰা অভিযোগ অনুসৰি, বৰপেটা জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ মাইক যোগে আজি পুৱাহে বৰ-বজাৰ এলেকাৰ আশে-পাশে থকা আৰু ব্যস্ত মূলপথসমূহত অবৈধভাৱে থকা দোকানসমূহ আজিৰ ভিতৰতে উঠাই নিবলৈ নিৰ্দেশ জাৰি কৰে। আজিয়েই ঘোষণা কৰি আজিয়েই উচ্ছেদ অভিযান চলোৱা কাৰ্যই স্বাভাৱিকতে কিছু সংখ্যক ব্যৱসায়ীক বিপাঙত পেলোৱা বুলিও মন্তব্য কৰে।
দিনৰ প্ৰায় ১০-৩০ বজাৰ পৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযান দিনৰ প্ৰায় দুই বজাত সাময়িকভাৱে স্থগিত ৰাখে প্ৰশাসনে। এই সন্দৰ্ভত বৰপেটা পৌৰসভা কৰ্তৃপক্ষই জনোৱা অনুসৰি, এই অভিযান পুনৰ ৩০ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব।