• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত অবৈধভাৱে দখল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ উচ্ছেদ অভিযান

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 25, 2018 8:15 pm
অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃটিছৰ আমোলত চহৰৰ মৰ্যাদা লাভ কৰা তথা শতাব্দী প্ৰাচীন বৰপেটা চহৰৰ বৰ-বজাৰত অবৈধভাৱে দখল কৰা ব্যৱসায়িক-প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰে জিলা প্ৰশাসন। দীৰ্ঘদিন ধৰি পদপথসমূহ দখল কৰি অবৈধভাৱে  নিৰ্মাণ কৰি লোৱা ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আজি বৰপেটা জিলা আৰু পৌৰ প্ৰশাসনে যুটীয়াভাৱে উচ্ছেদ অভিযান চলায়।

বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লৱী গগৈ আৰু বৰপেটা পৌৰসভাৰ সভানেত্ৰী তুলিকা দাস আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত পুৱাৰে পৰা প্ৰশাসনে জেচিবিৰে বৰপেটা-বাঘবৰ পথত অৱস্থিত আদালত চৌহদৰ সমীপৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিত চহৰখনৰ মূল পথ ক্ৰমে কমলাকান্ত পথ আৰু বৰপেটা-বাঘবৰ পথতো চলোৱা হয় উচ্ছেদ অভিযান।

Apply Now

উল্লেখ্যযোগ্য যে কালি বৰপেটা জিলাৰ উপায়ুক্তৰ সভাকক্ষত বৰপেটা পৌৰসভাৰ সভানেত্ৰী তুলিকা দাস, উপ-সভাপতি ৰঞ্জিত দাস, চিটিজেন ফ’ৰামৰ সভাপতি-সম্পাদক, বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাৰ সিদ্ধান্ত মৰ্মে এই উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে।  উক্ত সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, চহৰখনৰ পদপথসমূহত চলি থকা বেদখল উচ্ছেদ কৰাৰ বাবে আজি পুৱাৰে পৰা এই উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনে।

স্মৰ্তব্য যে, দীৰ্ঘদিন ধৰি বৰপেটা চহৰৰ গৰিষ্ঠ সংখ্যক পদপথসমূহ একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি ব্যৱসায় চলাই অহাৰ ফলত চহৰখনৰ পথসমূহ সংকুচিত হৈ পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল। পথটোৰ ওপৰত দীৰ্ঘদিন ধৰি হোৱা এনে অবৈধ বেদখলৰ বিৰুদ্ধে বিভিন্ন সময়ত চহৰখনৰ ৰাইজে ব্যৱস্থা ল’বলৈ প্ৰশাসন আৰু পৌৰসভাক দাবী জনাই আহিছিল।

চহৰখনত চলা আজিৰ এই উচ্ছেদ অভিযানক বিভিন্ন মহলে আদৰণি জনাইছে যদিও একাংশ লোকে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে। অভিযোগ উত্থাপনকাৰী লোকসকলে জনোৱা মতে, পৰ্যাপ্ত সময় তথা আগতীয়াকৈ জাননী নিদিয়াকৈ আজি আকস্মিকভাৱে উচ্ছেদ অভিযান চলোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগা হয় ব্যৱসায়-প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকল।

ব্যৱসায়ীসকলে কৰা অভিযোগ অনুসৰি, বৰপেটা জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ মাইক যোগে  আজি পুৱাহে বৰ-বজাৰ এলেকাৰ আশে-পাশে থকা আৰু ব্যস্ত মূলপথসমূহত অবৈধভাৱে থকা দোকানসমূহ আজিৰ ভিতৰতে উঠাই নিবলৈ নিৰ্দেশ জাৰি কৰে। আজিয়েই ঘোষণা কৰি আজিয়েই উচ্ছেদ অভিযান চলোৱা কাৰ্যই স্বাভাৱিকতে কিছু সংখ্যক ব্যৱসায়ীক বিপাঙত পেলোৱা বুলিও মন্তব্য কৰে।

দিনৰ প্ৰায় ১০-৩০ বজাৰ পৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযান দিনৰ প্ৰায় দুই বজাত সাময়িকভাৱে স্থগিত ৰাখে প্ৰশাসনে। এই সন্দৰ্ভত বৰপেটা পৌৰসভা কৰ্তৃপক্ষই জনোৱা অনুসৰি, এই অভিযান পুনৰ ৩০ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd