বৰপেটাত কংগ্ৰেছৰ বিশ্বাসঘাতকতা দিৱস পালন : কংগ্ৰেছৰ নেতা-কৰ্মীক আটক

treason

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতি আৰু অপশাসনৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে ৰাজ্যজুৰি বিশ্বাসঘাতকতা দিৱস পালন কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাতো কংগ্ৰেছ দলে বিশ্বাসঘাতকতা দিৱস পালন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধ অধিক সোচ্চাৰ হৈ পৰে৷

কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে দিনৰ প্ৰায় ১১: ৩০ বজাত বৰপেটা ৰাজীৱ ভৱনৰ পৰা হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি এক সমদল উলিয়ায় ৷

প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে ৰাজীৱ ভৱনৰ পৰা সমদল উলিয়াই ৰাজীৱ ভৱনৰ সন্মুখৰ পথত বহি ” পৰিবৰ্তনৰ নামত অপশাসন নচলিব, মিছা প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰ নিপাত যাওঁক, বিজেপি হটাও, দেশ বচাও ” আদি  বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ফলত বৰপেটাত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে। প্ৰতিবাদী কংগ্ৰেছ  কৰ্মীসকলে পথ অৱৰোধ কৰাৰ ফলত যান-বাহনৰ চলাচল বাধাগ্ৰস্ত হৈ পৰে।

আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা কংগ্ৰেছৰ নেতা কৰ্মীসকলক আটক কৰি বৰপেটা থানালৈ লৈ যায় ৷ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, জিলা কংগ্ৰেছৰ সম্পাদক আফতাব উদ্দিন খান, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ লগতে বিভিন্ন নেতা আৰু দুই শতাধিক কৰ্মী উপস্থিত থাকে।