NORTHEAST NOW (Assamese)

বৰপেটাত গৰিয়া মৰিয়া জাতীয় পৰিষদৰ নিলোৎপল দাস আৰু অভিজিৎ নাথক শ্ৰদ্ধাঞ্জলি

June 12, 2018 11:02 pm · পুলেন্দ্ৰ দাস

কাৰ্বি আংলঙৰ ডকমকাত দুষ্কৃতিকাৰীৰ নিৰ্মম প্ৰহাৰত মৃত্যুক আঁকোৱালি লোৱা দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। ইয়াৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ নগাঁও আঞ্চলিক সমিতিয়ে দুয়ো গৰাকী উদীয়মান যুৱকৰ আত্মাৰ সদগতিৰ কামনা কৰি আজি সন্ধিয়া ৭ বজাত নগাঁৱৰ তিনিআলিত মমবাতি আৰু বন্তি জ্বলাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে পৰিষদে উক্ত হত্যা কাণ্ডৰ সৈতে জড়িত অপৰাধী সকলক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ বিহাৰ দাবী জনোৱাৰ লগতে কোনো ধৰণৰ অপপ্ৰচাৰত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায়।

আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পিৰ জাহানুল হক, জিলা সম্পাদক চলেমান হুছেইন, নগাঁও আঞ্চলিক সমিতিৰ সভাপতি মহিদুল আলী, সম্পাদক পিংকু আলী, সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও আঞ্চলিক সমিতিৰ সভাপতি শৈল্যেন দাস, নগাঁও ৰাস সমিতিৰ সদস্যৰ লগতে পৰিষদৰ ভেল্লা, নগাঁও, চেঙা আঞ্চলিকৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজ।

Related News