বৰপেটাত নিটি আয়োগৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰ

niti-aayog-comp

প্ৰতিনিধিত্বমূলক চিত্ৰ

চৰকাৰী বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰৰ কাম-কাজৰ বুজ ল’বলৈ শনিবাৰে বৰপেটা জিলাত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগৰ প্ৰতিনিধিৰ এটা দল। নিটি আয়োগৰ নতুন দিল্লীৰ পৰা স্বাস্থ্য পৰামৰ্শ দাতা আলোক কুমাৰৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে পুৱা বৰপেটা জিলাত উপস্থিত হৈ জিলাখনৰ কেইবাখনো বিদ্যালয়, উপ-স্বাস্থ্য কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়।

প্ৰতিনিধি দলটোৱে জিলাখনত উপস্থিত হৈ প্ৰথমতে দাবালীয়াপাৰা অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে। কেন্দ্ৰটোৰ অধীনত থকা ল’ৰা-ছোৱালীৰ শিক্ষা সম্পৰ্কীয় তথ্য-পাতি চোৱাচিতা কৰাৰ লগতে শিশু তথা গৰ্ভৱতী মহিলাসকলক যোগান ধৰা খাদ্যৰো বুজ লয়। ইয়াৰ পাছতে প্ৰতিনিধি দলটোৱে মৈৰামাৰা বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ শৈক্ষিক ক্ষেত্ৰখনৰ বুজ লোৱাৰ উপৰি প্ৰতিনিধি দলটোৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলৰ লগত মত বিনিময় কৰে।

দুপৰীয়া প্ৰতিনিধি দলটোৱে জিলাখনৰ পশ্চিম মণিপুৰ নামৰ গাঁৱত ভ্ৰাম্যমাণ চিকিৎসা গোটে আগবঢ়োৱা চিকিৎসা সেৱা সম্পৰ্কত বুজ লয়। চিকিৎসাৰ ক্ষেত্ৰত পিচ পৰি থকা অঞ্চলটোত ভ্ৰাম্যমাণ চিকিৎসা গোটে ৰাইজক কি ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াই আহিছে সেই সম্পৰ্কত বিভিন্নজনৰ পৰা বুজ লয় প্ৰতিনিধি দলটোৱে।

ইয়াৰ উপৰি প্ৰতিনিধি দলটোৱে জাৰাবাৰী উপ-স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ প্ৰাক্ প্ৰসৱকালীন সেৱা, টীকাকৰণ কাৰ্যসূচীৰ তথ্যপাতি আৰু প্ৰসৱকালীন ব্যৱস্থাৰো বুজ লয়।

প্ৰতিনিধি দলটোৱে এ এন এম, আশা চুপাৰভাইজাৰ, আশা, চি এইচ ও-ৰ লগত মত বিনিময় কৰি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ খতিয়ান লয়। দলটোৱে উপ-স্বাস্থ্য কেন্দ্ৰখনৰ অন্তৰ্গত ৰাইজৰ লগতে মত বিনিময় কৰে।

ইয়াৰ পিছতে দলটোৱে গোমূৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক পৰিদৰ্শন কালত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সহযোগিতা কৰা পৰিলক্ষিত হয়।

প্ৰতিনিধি দলটোৱে জিলাখনৰ বিভিন্ন উপ-স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছতে সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সভাতো অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত নিটি আয়োগৰ প্ৰতিনিধি দলটোৱে প্ৰশাসনিক, শিক্ষা, স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ লগত বিভিন্ন দিশ সম্পৰ্কে পৰ্যালোচনা কৰে।

প্ৰতিনিধি দলটোৱে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কত বিভিন্ন নীতি-নিৰ্দেশনা প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। নিটি আয়োগৰ প্ৰতিনিধি দলটোত ডঃ কে মদন গোপাল, ডঃ আৰ ভি পি সিঙৰ উপৰি¸ পিৰামল স্বাস্থ্য সেৱাৰ দল এটাও উপস্থিত আছিল।