বৰপেটাত ভুৱা সংযোগী নথিৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা : তিনিজনক আটক

NRC

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্য্যায় অব্যাহত থকাৰ মাজতে আজি বৰপেটাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংযোগী নথি জালিয়াতিৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ’ব লগীয়া হয় স্বামী-স্ত্ৰীসহ তিনিজন লোক।

জানিব পৰামতে, আৰক্ষীৰ হাতত আটক হোৱা লোককেইজন হ’ল বৰপেটা থানাৰ অন্তৰ্গত দেব্ৰাদি গাঁৱৰ জুলমত আলী আৰু তেওঁৰ দ্বিতীয়া পত্নী ৰমেলা বেগম আৰু শহুৰেক, অৰ্থাৎ দ্বিতীয়া পত্নীৰ দেউতাক ৰমজান আলী বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণি মতে, জুলমত আলীয়ে তেওঁৰ দ্বিতীয়া পত্নীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বাবে সংযোগী নথি হিচাপে পঞ্চায়তৰ প্ৰমাণপত্ৰ জমা দিছিল যদিও সেয়া ভুৱা আছিল। আজি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত বংশবৃক্ষ পৰীক্ষণৰ সময়ত এই জালিয়াতিৰ ঘটনা পোহৰলৈ আহে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, দ্বিতীয় বিবাহ কৰোৱা জুলমত আলী নামৰ লোকজনে পূৰ্বৰ পত্নীৰ নামত থকা ভোটাৰ আই ডি কাৰ্ড, পানকাৰ্ড আদি জালিয়াতিৰে বৰ্তমানৰ পত্নীৰ নামত ব্যৱহাৰ কৰি আহিছিল। প্ৰথমা পত্নী আস্মাতন নেছাৰ ভোটাৰ তালিকাত নাম থকাৰ সুবিধা লৈ জুলমতে সকলো নথি-পত্ৰত প্ৰথমা পত্নীৰ নামটোকে দ্বিতীয় পত্নীৰ নাম হিচাপে ব্যৱহাৰ কৰি আহিছিল।

আনকি দ্বিতীয়া পত্নী ৰমেলা বেগমৰ নামত ২০১৫ চনত গাঁও পঞ্চায়তৰ সম্পাদকে প্ৰদান কৰা প্ৰমাণপত্ৰখনো জুলমতে জালিয়াতিৰে আস্মাতন নেছাৰ নামত কৰোৱাই লৈছিল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বৰ্তমানৰ পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পঞ্চায়তৰ এই ভুৱা প্ৰমাণ পত্ৰখনকে সংযোগী নথি হিচাপে ব্যৱহাৰ কৰিছিল জুলমতে।

আজি বংশবৃক্ষ পৰীক্ষণৰ সময়ত দ্বিতীয়া পত্নী ৰামেলা বেগমৰ পিতৃ ৰমজান আলীকো লগত আনিছিল জুলমতে। দ্বিতীয় পত্নীৰ পিতৃয়েও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ আগত ৰমেলা বেগমক আস্মাতন নেছা বুলি দাবী কৰিছিল। কিন্তু গাঁও পঞ্চায়তৰ সম্পাদকে অস্মাতন নেছাৰ নামত ব্যৱহৃত প্ৰমাণপত্ৰখন ভুৱা বুলি চিনাক্ত কৰাৰ পিছতেই জুলমতৰ সমস্ত জালিয়াতি ধৰা পৰে।

ইয়াৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে জুলমত, ৰমেলা বেগম আৰু ৰমেলাৰ পিতৃ ৰমজান আলীক আটক কৰে। তেওঁলোকক বৰ্তমান বৰপেটা সদৰ আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় এসপ্তাহ পূৰ্বে বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অৱস্থিত এন আৰ চি কেন্দ্ৰত বৰপেটাৰোডৰ উত্তৰ চাফাকামাৰৰ কুদ্দুছ আলী নামৰ এজন ব্যক্তিয়ে তেওঁৰ নিজৰ আৰু পুত্ৰৰ নামত ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰাৰ অপৰাধত সৰভোগ আৰক্ষীয়ে কুদ্দুছ আলীক গ্ৰেপ্তাৰ কৰিছিল।