বৰপেটাত শিক্ষানুষ্ঠানৰ ওচৰে-পাঁজৰে ধপাতজাত সামগ্ৰীৰ মুক্ত বেহা

GUTKHA

কৰ্কটৰোগৰ অন্যতম কাৰক হিচাপে বিবেচিত মদ, বিড়ি আদিকে ধৰি অন্যান্য গুটখাজাতীয় সামগ্ৰী বৰপেটাত অৱস্থিত শিক্ষানুষ্ঠানৰ ওচৰে-পাঁজৰে আৰু বিভিন্ন প্ৰান্তত সুলভ হৈ পৰিছে৷ এইসমূহ সামগ্ৰীৰ কৰাল গ্ৰাসত পৰি নৱপ্ৰজন্মৰ বহুতেই অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে বহু পৰিয়াললৈ ঘোৰ অমানিশা নমাই আনিছে যদিও এনে সামগ্ৰী ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো কাৰ্যপন্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷

শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ১৯খন কৰ্কট ৰোগ চিকিৎসালয়ৰ শুভাৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি কৰিব বিচাৰিছে যদিও কৰ্কট ৰোগৰ অন্যতম কাৰক ধপাতজাতীয় সামগ্ৰীৰ মুক্ত বেহাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷

দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটাৰ টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ১৯টা স্থানত স্থাপন কৰিবলগা কৰ্কট হাস্পতালৰ শুভাৰম্ভ কৰাৰ সময়তে স্বাভাবিকতে প্ৰশ্ন উত্থাপন হৈছে কৰ্কট ৰোগৰ অন্যতম কাৰক মদ, বিড়ি, চিগাৰেট, জৰ্দা, গুটখা আদিৰ মুক্ত প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰখন নিৰৱ কিয়৷

বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকাৰ সময়ছোৱাত ধপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ বাবে আইন প্ৰনয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ৰহস্যজনক কাৰণত সেই আইনখন কাৰ্যকৰী নহ’ল৷ ৰোগৰ চিকিৎসা গ্ৰহণ কৰাটো যিমান প্ৰয়োজন ৰোগৰ কাৰক ৰোধ কৰাতো তাতকৈ অধিক প্ৰয়োজন বুলি উল্লেখ কৰিছে সচেতন লোকসকলে৷

পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত ধপাতজাতীয় সামগ্ৰীক নিয়ন্ত্ৰিত কৰিব নোৱাৰিলে যে দিনক দিনে ৰাজ্যত কৰ্কট ৰোগী বৃদ্ধি হব সেয়া সহজেই অনুমেয়৷ জনস্বাস্থ্যৰ লগত জড়িত এই বিষয় সন্দৰ্ভত চৰকাৰে  বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব নে  ধপাতজাতীয় সামগ্ৰীৰ ব্যৱসায়ীসকলক ৰঙা দলিচা পাৰি দিব সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।