বৰপেটাত ১৫০খন বিছনাযুক্ত দ্বিতীয় শ্ৰেণীৰ কৰ্কট চিকিৎসালয়ৰ ভূমি-পূজন সম্পন্ন

barpeta cancer hospital bhumi pujan

আজি অসমৰ বিভিন্ন ঠাইত নিৰ্মাণ হ’বলগীয়া ১৯ খন কৰ্কট চিকিৎসালয়ৰ দ্বিতীয় স্তৰত অন্তৰ্ভুক্ত হোৱা বৰপেটা কৰ্কট চিকিৎসালয়ৰ ভূমি পূজন অনুষ্ঠান সম্পন্ন কৰা হয়৷ প্ৰস্তাৱিত ১৫০খন বিছনাযুক্ত কৰ্কট চিকিৎসালয়ৰ ভূমি-পূজন উপলক্ষে আজি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পটাল চৌহদত আয়োজিত অনুষ্ঠানত  বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে  কৰ্কট ৰোগীৰ সুবিধাৰ্থে এক অভিলাসী আঁচনি গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ অসমৰ স্বাস্থ্য খণ্ডক আধুনিকীকৰণ প্ৰচেষ্টাৰ এটা অংশ হিচাপে গঠিত  অসম কৰ্কট চিকিৎসা ফাউণ্ডেশ্যনৰ (ASSAM CANCER CARE FOUNDATION) অধীনত অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত স্থাপন কৰিব ১৯খনকৈ কৰ্কট চিকিৎসালয় ৷

বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰকে ধৰি জিলা প্ৰশাসনৰ বিষয়া আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ চিকিৎসক-কৰ্মচাৰীৰ উপস্থিতিত ভূমি-পূজন সম্পন্ন কৰা হয়৷

উল্লেখ্য যে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পটাল চৌহদৰ পশ্চিম দিশত থকা ছাৰে ছয় বিঘা খালী মাটিত কৰ্কট চিকিৎসালয় খন স্থাপন কৰা হ’ব৷ কৰ্কট-প্ৰৱণ জিলা হিচাপে খ্যাত বৰপেটা জিলাত কৰ্কট চিকিৎসালয়খনৰ শুভাৰম্ভই কৰ্কট  ৰোগী তথা স্থানীয় লোকসকলক কিছু পৰিমাণে হলেও সকাহ দিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে ৷