NORTHEAST NOW (Assamese)

বৰপেটাৰ কয়াকুচিত আমছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 10, 2018 3:47 pm · আনিছুজ জামান

আজি বৰপেটা জিলাৰ কয়াকুচি আৰক্ষী চকীৰ অন্তৰ্গত পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত পহুমাৰা আঞ্চলিক আমছুৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়।

পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আবুল হোছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ ৫০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত আমছুৰ সহঃ সাধাৰণ সম্পাদক নুৰজামাল ইছলাম, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বি বি কে মহাবিদ্যালয়ৰ প্ৰবক্তা ছাহজাহান আমীন, পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপ অধ্যক্ষ লিয়াকত আলী, শিক্ষক হালিম উদ্দিন, বৰপেটা জিলা আমছুৰ উপ সভাপতি তোতা মিঞা, সম্পাদক ৰফিকুল ইছলাম, দুলাল আলী আদিৰ উপৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে আমছুৰ আঞ্চলিক সমিতিৰ সভাপতি ইছমাইল হোছেইন আৰু সাধাৰণ সম্পাদক দ্বয় মাইন‌ উদ্দিন আৰু মঞ্জীৰুল হকে আঁত ধৰা অনুষ্ঠানত উপস্হিত থকা ব্যক্তি সকলে  ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে উপদেশ মূলক ভাষন প্ৰদান কৰাৰ লগতে  এখন কুসংস্কাৰ মুক্ত সমাজ গঢ়াৰ বাবে সকলোকে আহ্বান জনায়।

Related News