সোপাধৰাৰ নামত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নাৰকীয় ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ মহকুমা প্ৰশাসনে আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত এখন ৰাজহুৱা সভাৰ আয়োজন কৰে৷
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সোপাধৰাৰ উৰা বাতৰিৰ লগতে কাৰ্বি আংলং ঘটনাৰ পাছত জিলাখনৰ গাতে লাগি থকা বোকাখাত মহকুমাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবেই মহকুমা প্ৰশাসনে এই সভাৰ আয়োজন কৰে বুলি জনায়৷
মহকুমাধিপতি বিবেক শ্যামৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতি, সহকাৰী আয়ুক্ত শান্তনু গগৈৰ লগতে আছু, আটছাৰ প্ৰতিনিধি, চাহ বাগিছাৰ পৰিচালক আৰু বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইলেক্ট্ৰনিকচ মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যন আৰু কাজিৰঙাৰ সাংবাদিক সন্থাৰ সদস্যসকলে এই বৈঠকত অংশ গ্ৰহন কৰে৷
বৈঠকত উপস্থিত থকা বিভিন্ন দল সংগঠনে শান্তি সম্প্ৰতি বজাই ৰাখিবৰ বাবে আৰু প্ৰচাৰিত উৰা বাতৰি ৰোধ কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷
উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ সীমাত থকা বজাৰ বোৰত আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা, গাওঁৰক্ষী বাহিনী বোৰক সক্ৰিয় কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলবোৰত শান্তি-সম্প্ৰীতি অটুত ৰখাৰ বাবে আৰু সোপাধৰা বা তেনেধৰণৰ অপপ্ৰচাৰ ৰোধ কৰাৰ বাবে প্ৰধানকৈ চাহ বাগিচাবোৰত সজাগতা সভা পতাৰ বাবে বৈঠকতে সিদ্ধান্ত গ্ৰহন কৰে৷
ইফালে অনা অসমীয়া ব্যৱসায়ীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহনৰ বাবে আৰক্ষীক অৱগত কৰে৷ আনহাতে সোপাধৰা বা তেনেধৰণৰ উৰা বাতৰি বা শান্তি-সম্প্ৰীতি বিঘ্নিত হ’ব পৰা যিকোনো পোষ্ট ফেচবুক বা হোৱাটছএপত নিদিবৰ বাবে বৈঠকত মহকুমাধিপতি বিবেক শ্যামে সকলোকে আহ্বান জনায়৷