বৰপেটাৰ বজালীত এটা সংঘটিত শোকাবহ দুৰ্ঘটনাত হতাহত ৩ জন

BAJALI-ACCIDENT

বজালীৰ সাদেৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ ভূটান পথটোত সংঘটিত এটা শোকাবহ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আন দুজন আহত হোৱাৰ বাতৰি পোৱা গৈছে। আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, অতি বেগেৰে গৈ থকা এখন বাইকে পিছ ফালৰ পৰা এজন চাইকেল আৰোহীক  খুন্দিয়াই বগৰাই দিয়ে।

এই দুৰ্ঘটনাত বাইকখনৰ পিছৰ আসনৰ আৰোহীজনৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে চাইকেল আৰোহী আৰু বাইক আৰোহী দুয়োজনেই আহত হয়।

নিহত ব্যক্তিজনক ছাহিল আলম সৰকাৰ বুলি জানিব পৰা গৈছে। মৃত সৰকাৰৰ বয়স প্ৰায় ১৭ বছৰ আৰু তেওঁ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ বাসিন্দা আছিল বুজি জানিব পৰা গৈছে। তেওঁ বাইকেৰে বন্ধুজনৰ সৈতে ভূটানৰ পৰা পাঠশালা অভিমুখে আহি আছিল।। এএছ-১৪ জি-৭৫৩৭ নম্বৰত পঞ্জীয়নভুক্ত বাজাজ পালছাৰ ২০০ এনএছ শ্ৰেণীৰ বাইকখন ছাহিলৰ বন্ধু মেঘৰাজ বামছেটে চলাই আহিছিল আৰু ছাহিলে বাইখনৰ পিছপিনে বহি যাত্ৰা কৰিছিল।

গুৰুতৰভাৱে আহত চাইকেল আৰোহী ৰাহুল পাঠক আৰু বাইক আৰোহী মেঘৰাজ বামছেটক ততাতয়াকৈ বজালীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

স্থানীয় ৰাইজে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে এই ঠাইখিনিত বিগত সময়চোৱাত বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে। অত্যন্ত দুৰ্ঘটনা প্ৰৱণ এই এলেকাটোত গাড়ী চলাওতে কিছু পৰিমাণে নিয়ন্ত্ৰিত বেগত চলাবলৈ স্থানীয় ৰাইজে চালক সকলক  অনুৰোধ জনাইছে।

ল’ৰাজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।