বৰপেটাৰ মন্দিয়াত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আঠজনীয়া জুৱাৰীৰ দল

Handcuff-India-min-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

সদিচ্ছা থাকিলে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰি৷ তেনেই এক উল্লেখণীয় পদক্ষেপৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী । জিলাখনৰ ভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াত জুৱা-মদৰ আড্ডাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ চলি থকাৰ মুকলি অভিযোগ উত্থাপন হোৱাৰ সময়তে মন্দিয়াৰ ২ নং দলনি গাঁৱৰ পৰা নগদ ধনসহ ৮ জনীয়া জুৱাৰীৰ দল এটাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে জিলাখনৰ আন আন প্ৰান্তৰ লগতে বৃহত্তৰ মন্দিয়া অঞ্চলৰ ২ নং বৰদলনি গাঁৱত দীর্ঘদিনৰ পৰাই বিভিন্ন অসামাজিক কার্যকলাপ অব্যাহত আছিল। বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু দাসে নিশা এনে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অঞ্চলটোত আকস্মিক অভিযান চলায়।

অভিযানত উক্ত গাঁৱৰ এগৰাকী বাসিন্দাৰ ঘৰত জুৱা খেলি থকা অৱস্থাত নগদ ২৭,৩৬০ টকা সহিতে আঠজনীয়া জুৱাৰীৰ দলটোক গ্রেপ্তাৰ কৰে। ধৃত জুৱাৰীৰ দলটোক বৰপেটা ফৌজদাৰী আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে গ্রেপ্তাৰ কৰা জুৱাৰীৰ দলটো ইমৰাণ হুছেইন, দুলাল মণ্ডল, বাছিদ্রুল হক, প্রণৱ দে, নুৰ মহম্মদ, গোলাম নবী, মোবাৰক ইছলাম, মেহবুব ৰহমান বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ এই পদক্ষেপক স্থানীয় ৰাইজে প্রশংসা কৰাৰ লগতে জিলাখনৰ আন আন প্ৰান্তত চলি থকা জুৱা-মদৰ আড্ডা সমুলি উৎখাত কৰিবলৈ জিলাখনৰ আৰক্ষী অধীক্ষকক স্থানীয় লোকে আহ্বান জনাইছে৷