NORTHEAST NOW (Assamese)

বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ আবিৰ্ভাৱ মহোৎসৱ আয়োজন

May 16, 2018 8:26 pm · পুলেন্দ্ৰ দাস

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ ৫২৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু বুঢ়াআতাৰ আদি ভিঠিৰ চোতালত আৰম্ভ কৰা পালনামৰ সোণালী জয়ন্তী বৰ্ষ ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰাৰ আয়োজন কৰা হৈছে। ২৪ মে’ৰ পৰা ২৯ মে’লৈ ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আতাপুৰুষজনাৰ আবিৰ্ভাৱ মহোৎসৱ আৰু পালনামৰ সোণালী জয়ন্তী পালন কৰা হ’ব বুলি আজি এখন সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে উদযাপন সমিতিৰ মুখ্য সম্পাদক ডাঃ কমলকৃষ্ণ দাসে।

বৰপেটা প্ৰেছ ক্লাবত আজি বিয়লি প্ৰায় ২ বজাত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি তথা বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, প্ৰচাৰ সমিতিৰ সভাপতি প্ৰিয়ৰঞ্জন দাস আৰু সম্পাদক মহানন্দ পাঠক। সংবাদমেলত জনাই যে প্ৰায় পাঁচশ বছৰ পূৰ্বে বৈকুণ্ঠ দূতয় বৰদোৱাৰ বিপদাপন্ন ক্ষণত ভকত-বৈষ্ণৱ সমাজক দিয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ মুখ নিঃসৃত অভয়বাণীক সৰোগত কৰি বৰপেটা সত্ৰৰ বাইশখন হাটীৰ অন্যতম ‘নহাটী’ৰ এক বিপৰ্যয় কাল নাশৰ বাবে থূল নহাটীৰ বাপুসকলে প্ৰণম্য আতাপুৰুষ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ আদি ভিঠিৰ চোতালত আৰম্ভ কৰা ‘পালনাম’ৰ সোণালী জয়ন্তী বৰ্ষ অহা ২৪ মে’ৰ পৰা ২৯ মে’লৈ ছদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ’ব।

বৰপেটা সত্ৰৰ বাছ আস্থানৰ মথুৰাপুৰী ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া পালনাম সোণালী জয়ন্তীৰ কাৰ্যক্ৰমণিকা অনুসৰি ২৪ মে’ত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ ৫২৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদ্যাপন। সিদিনাখন পুৱাৰে পৰা আইসকল-বাপুসকলৰ প্ৰসঙ্গ, গায়ন-বায়ন প্ৰসঙ্গ, চৰিত তোলা আদি অনুষ্ঠানৰ পিচত বিয়লি মথুৰাপুৰী ক্ষেত্ৰৰ দ্বাৰ উদ্ঘাটন কৰা হ’ব। সন্ধিয়া বুঢ়াআতাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজিত সোঁৱৰণী সভাত সভাপতিত্ব কৰিব বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাসে। বিশিষ্ট অতিথি হিচাপে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু নিৰ্দিষ্ট বক্তা হিচাপে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভূপেন্দ্ৰ ৰয় চৌধুৰী আৰু শ্ৰীমন্ত শংকৰ-মাধৱদেৱ মিছনৰ সচিব উদ্ধৱ দাসে অংশগ্ৰহণ কৰিব। সোণালী জয়ন্তী উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। নিশা কিশোৰী মোহন পাঠক ৰচিত আৰু নিৰ্মল দাস  পৰিচালিত ‘মথুৰা পুৰীৰ বুঢ়াআতা’ নাট্য প্ৰদৰ্শন কৰা হ’ব। নাট্যমঞ্চ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ হৰিৰাম দাসে।

২৫ মে’ৰ পুৱা মথুৰাপুৰী ক্ষেত্ৰত থূল নহাটী পালনামৰ ৫০ খন ধৰ্মধ্বজা উত্তোলনৰ পিচত স্মৃতি আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী। পুৱা ১০-৩০ বজাত আইমাতৃ সমাৰোহ আৰু প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায় উদ্বোধন কৰিব বৰপেটা পৌৰসভাৰ সভানেত্ৰী তুলিকা দাসে। বৰপেটা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী হিৰণ শইকীয়া লহকৰৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আইমাতৃ সমাৰোহত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা ডঃ ৰুণুমী দত্ত ডেকা আৰু গীতা পাঠকে। বিয়লি অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্ৰ উদ্বোধন কৰিব বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে। অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্ৰত আলোচক হিচাপে বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, ডিম্বেশ্বৰ মেধি আৰু একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ সাধুচৰণ দাসে অংশগ্ৰহণ কৰিব। সন্ধিয়া অনুষ্ঠিত হ’ব স্মৃতিগ্ৰন্থ উন্মোচন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক অৱণীৰঞ্জন পাঠকে।

২৬ মে’ৰ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব শিশু সমাৰোহ আৰু প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়। বিয়লি অনুষ্ঠিত হ’ব ‘শঙ্কৰদেৱ মন্থনঃ গুৰুজনাৰ চিন্তা-চেতনাৰ প্ৰগতিশীলতা’ শীৰ্ষক মুকলি সন্মিলন। সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আৰু অংকীয়া নাট প্ৰদৰ্শনৰ উদ্বোধন কৰিব বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই।

২৭ মে’ৰ পুৱা ভাগৱত ভ্ৰমণ আৰু সত্ৰীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সোণালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে। বিয়লি অনুষ্ঠিত হ’ব ধৰ্মালোচনা সভা। সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আৰু মুখা ভাওনা প্ৰদৰ্শন উদ্বোধন কৰিব সংগীত নাটক অকাডেমী (সত্ৰীয়া কেন্দ্ৰ)ৰ অধ্যক্ষ প্ৰাঞ্জল শইকীয়াই।

২৮ মে’ত ৩২ ঘণ্টীয়া পালনামৰ আৰম্ভণি কৰি ২৯ মে’ৰ সন্ধিয়া সামৰণি পৰিব  শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ আবিৰ্ভাৱ মহোৎসৱ আৰু পালনামৰ সোণালী জয়ন্তীৰ ।

Related News