NORTHEAST NOW (Assamese)

বৰমাত মুক্তিযুঁজাৰু প্ৰয়াত মহেন্দ্ৰ তালুকদাৰৰ জীৱন-কৃতি বিষয়ক ‘জীৱনৰ সুবাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন

May 23, 2018 4:19 pm · এন ই নাও নিউজ

মুক্তিযুঁজাৰু, বৰমা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, শিক্ষক, সমাজকৰ্মী প্ৰয়াত মহেন্দ্ৰ মোহন তালুকদাৰৰ জীৱন আৰু কৃতি সম্বলিত ‘জীৱনৰ সুবাস’ নামৰ এখন গ্ৰন্থ উন্মোচিত হৈছে। বৰমা শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থখন যোৱা ২২ মে’ত উন্মোচন কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বাণীকান্ত চক্ৰৱৰ্তীয়ে।

মহান ব্যক্তিজনৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে ডঃ ফণীধৰ তালুকদাৰৰ লগতে আন কেইবাজনো ব্যক্তিয়ে আলোকপাত কৰে।

বৰমা শাখা সাহিত্য সভাৰ সভাপতি শুক্লেশ্বৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে সাংবাদিক আলকাচ আলীয়ে।

সভাত প্ৰয়াত মহেন্দ্ৰ মোহন তালুকদাৰৰ নাতি দেৱজিৎ বৰ্মন আৰু ডাঃ মৃণাল বৰ্মনক সম্বৰ্ধনা জনোৱা হয়।

গ্ৰন্থ উন্মোচনৰ পূৰ্বে মহেন্দ্ৰ মোহন তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ মাজু পুত্ৰ ডঃ নাৰায়ণ তালুকদাৰে। মাল্যাৰ্পণ কৰে বৰ পুত্ৰ ভগৱান তালুকদাৰে আৰু স্মৃতি তৰ্পণ কৰে কনিষ্ঠা কন্যা ৰঞ্জনা তালুকদাৰে।

শলাগৰ শৰাই আগবঢ়াই বৰমা শাখা সাহিত্য সভাৰ সম্পাদক ভাৰত ৰাজবংশীয়ে।

Related News