বৰাক নদীৰ পাৰৰ চ্যুতিৰ স্থান উপায়ুক্তৰ দ্বাৰা পৰিদৰ্শন

The bank of Barak river dangerously rifted near Katigorah- Harinagar pwd road

কাটিগৰ-হৰিনগৰ গড়কাপ্টানি পথৰ কাষত বৰাক নদীৰ পাৰত বিৰাট চ্যুতিৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে সংঘটিত হোৱা এই চ্যুতিৰ ফলত ভালেকেইটা বাসগৃহ আৰু দোকানঘৰ বৰাকৰ বুকুত জাহ গৈছে। আনকি সমগ্ৰ হৰিটিকৰ বজাৰখন বৰাকৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। যিহেতু এই নদীখন আন্তঃজাতিক সীমাৰেখাত পৰে, সেয়েহে সীমা সুৰক্ষা বাহিনীৰ বাবে বৰাকৰ পাৰৰ এই খহনীয়া তথা চ্যুতিটো এটা জটিল সমস্যা হৈ দেখা দিছে। এই ঠাইত স্থলপথ যোগাযোগ স্বাভাৱিক কৰি ৰখাটো খুবেই জৰুৰী।

শুকুৰবাৰে কাচাৰৰ উপায়ুক্ত এছ লক্ষ্মণে এই চ্যুতিৰ স্থান পৰিদৰ্শন কৰে আৰু ২৪ ঘণ্টাৰ ভিতৰতে পথচোৱা গাড়ী চলাচল কৰিব পৰা কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।  ভ্ৰমণ কালত উপায়ুক্তগৰাকীয়ে চ্যুতিটো মেৰামতিৰ সময়ত কিবা অনিয়ম সংঘটিত হৈছিল নেকি তাৰ বুজ ল’বলৈ যত্ন কৰে।

উপায়ুক্তগৰাকীয়ে জল সম্পদ বিভাগৰ ভূমিকাৰো পুনৰীক্ষণ কৰে। স্থানীয় বাসিন্দাই সকলো দুৰ্যোগৰ বাবে বিভাগটোকেই পোনপতীয়াকৈ জগৰীয়া কৰে। উপায়ুক্তগৰাকীয়ে এই ঘটনাৰ এটা বিতং তদন্ত সম্পন্ন কৰাৰ  লগতে কেলেংকাৰিত জড়িত লোকসকলক শাস্তিৰ পৰা সাৰি যাবলৈ দিয়া নহয় বুলি স্থানীয় লোকসকলক আশ্বাস দিয়ে।

কাটিগড়ৰ স্থানীয় বিধায়ক অমৰচান্দ জৈনে ইতিমধ্যে ঘটনাটো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টি গোচৰ কৰিছে। মুখ্য মন্ত্ৰী সোণোৱালে ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে।