বৰাক উপত্যকাৰ পৰা দক্ষিণ ভাৰতলৈ পোনপটীয়া ৰে’লসেৱাৰ কাইলৈ শুভাৰম্ভণি

বৰাকবাসীৰ বাবে সুখবৰ কঢ়িয়াই এন এফ ৰেইলৱেই এটা সূত্ৰত প্ৰকাশ কৰিছে যে কাইলৈ শিলচৰ-থিৰুৱনন্তপুৰম এক্সেপ্ৰেছ (Silchar-Thiruvanantapuram exp) নামৰ এখন ৰে’লৰ সূচনা ঘটোৱা হ’ব। কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে ইয়াৰ ফ্লেগ-অফ কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ যোগেদি বৰাকবাসীয়ে দক্ষিণ ভাৰতলৈ পোনপটীয়া ৰে’ল ভ্ৰমণৰ সুবিধা লাভ কৰিব।