বৰ্ষাপাৰা ষ্টেডিয়ামত তীব্ৰ গতিত চলিছে ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ প্ৰস্তুতি

28regstadium_182142

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, গুৱাহাটী

চলিত বছৰৰ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ এদিনীয়া ক্ৰিকেট মেচ।

আন্তঃৰাষ্ট্ৰীয় মেচখনৰ প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে কামৰূপে মহানগৰ জিলা উপায়ুক্ত বীৰেন মিট্টালৰ সভাপতিত্বত ষ্টেডিয়ামৰ সভাগৃহত অনুষ্ঠিত হয় এখন বৈঠক।  অনুষ্ঠিত সভাত অসম ক্ৰিকেট সন্থা (এ চি এ)ৰ সম্পাদক প্ৰদীপ বুঢাগোহাঁইৰ লগতে ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

এই সভাত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দিগন্ত বৰা, গড়কাপ্টানি, এ পি ডি চি এল, জলসম্পদ বিভাগৰ লগতে গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন বিষয়া উপস্থিত থাকি ষ্টেডিয়ামৰ সমীপৱৰ্তী অঞ্চলৰ বাট-পথ, নলা-নৰ্দমা, বিজুলী-বাতি আদিৰ মেৰামতি তথা নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত উপায়ুক্ত মিট্টালে পৰ্যালোচনা কৰে।

উল্লেখ্য যে বিগত বৰ্ষৰ ১১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখনৰ পাছত হোটেললৈ ঘূৰি অহা অষ্ট্ৰেলিয়া দলৰ বাছলৈ শিল দলিউৱা ঘটনাটোৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে উপায়ুক্তই মহানগৰ প্ৰশাসনক আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

এই আন্তঃৰাষ্ট্ৰীয় মেচখন অনুষ্ঠিত হোৱাৰ এমাহ পূৰ্বে ষ্টেডিয়ামৰ সকলো কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবে বিভাগসমূহক উপায়ুক্তই নিৰ্দেশ জনোৱাৰ  লগতে এতিয়াৰ পৰা ১৫ দিনৰ অন্তৰে অন্তৰে কামৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ বাবে একোখন বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি সভাত প্ৰকাশ কৰে।