NORTHEAST NOW (Assamese)

বৰ্ষ পূৰ্তিৰ প্ৰাক্ মুহূৰ্তত অস্থিৰ হৈ পৰাৰ দিশে মণিপুৰৰ বীৰেন সিং চৰকাৰ

February 20, 2018 12:59 pm · এন ই নাও নিউজ

মণিপুৰৰ এল বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ কাৰ্যভাৰ গ্ৰহণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্ততে সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা দিছে।

মণিপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ সহযোগী নাগা পীপলছ ফ্ৰন্টে (এনপিএফ) চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ ভাবুকি দিছে।

মণিপুৰত শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ  চাৰিগৰাকী বিধায়ক থকা এনপিএফ নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনৰো শাসনৰ অংশীদাৰ।

সোমবাৰে এন পি এফে কয় যে ২৭ তাৰিখৰ নাগালেণ্ড নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত তেওঁলোকে মিত্ৰতাৰ পৰা আঁতৰি যাব পাৰে।

অৱশ্যে ইয়াৰ আগেয়ে ভাৰতীয় জনতা পাৰ্টিৰ মণিপুৰৰ সাধাৰণ সম্পাদক এন নিমবাছ সিংঙে দেওবাৰে কৈছিল যে নাগালেণ্ডত এনপিএফ আৰু বিজেপিৰ বিভাজনে মণিপুৰৰ মিত্ৰজোঁট চৰকাৰখনক কোনোধৰণে ক্ষতি নকৰে।

উল্লেখযোগ্য যে চাৰিগৰাকী এনপিএফ বিধায়কৰ ভিতৰত লছি ডিখোই জনস্বাস্থ্য কাৰিকৰী, আভিযান্ত্ৰিক বিভাগ আৰু মূদ্ৰণ ও লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই আছে।

বাকী তিনিগৰাকী বিধায়ক আৱাংবও নিউমাই, খাছিম ভাশহুম আৰু কে লেইশিও যোৱা বছৰ পদবীটো উঠাই দিয়াৰ আগলৈকে সংসদীয় সচিব হিচাপে কাৰ্যভাৰ চলাই আছিল।

 

Related News