NORTHEAST NOW (Assamese)

ভদীয়া বানৰ তাণ্ডৱ! চেঙাৰ কাছুমাৰাত উটুৱাই নিলে কোটিটকীয়া বৃহৎ কাঠৰ দলং

August 31, 2021 11:39 am · এন ই নাও নিউজ
Updated: September 1, 2021 11:43 am

বৰপেটা জিলাৰ চেঙাৰ কাছুমাৰাত বৃহৎ কাঠৰ দলং বানে উটুৱাই নিয়াৰ এক ভয়ংকৰ দৃশ্য পৰিলক্ষিত হয়।

নিৰ্মাণৰ দুমাহ পূৰ্ণ নহওঁতেই এইদৰে ভদীয়া বানে উটুৱাই নিলে বৃহৎ কাঠৰ দলংখন।

এতিয়া যিকোনো মুহূৰ্ততে কোটিটকীয়া বৃহৎ দলংখন নি:শেষ হোৱাৰ আশংকাই দেখা দিছে।

এই দলংখন বানে উটুৱাই নিয়াৰ ফলত কাছুমাৰা-মহচৰাৰ মাজত সংযোগ ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে।

যোগাযোগৰ মূল পথতেই এইদৰে দলংখন উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁওৰ যাতায়ত বিছিন্ন হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উল্লেখ্য যে মঙলবাৰে পুৱাই হঠাৎ বানে দলংখনৰ মাজভাগ উটুৱাই নিয়ে।

Related News